ক’ভিড সংক্ৰমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত গুজৰাটৰ ৪ চহৰত নৈশ সান্ধ্য আইন

গুজৰাটত পুনৰ সংক্ৰমণ ব্যাপক হৈ পৰিছে ক’ভিড ভাইৰাছৰ। ইয়াৰ ফলশ্ৰুতিত গুজৰাটৰ ৪খন মেট্ৰ’ চহৰ আহমেদাবাদ, বদোদৰা, ছুৰাট আৰু ৰাজকোটত নৈশ সান্ধ্য আইন জাৰি কৰা হৈছে৷ অহা ১৭ৰ পৰা ৩১ মার্চলৈ প্ৰতিদিনে নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ চহৰকেইখনত নৈশ সান্ধ্য আইন বলৱৎ হ’ব। ইফালে আহমেদাবাদত অনুষ্ঠিত হ’বলগীয়া ভাৰত-ইংলেণ্ড শৃংখলাৰ তৃতীয় আৰু চতুর্থ টি-২০ খেল দুখন দর্শকশূন্য ষ্টেডিয়ামত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে।