Local, Vocal, Global

২০২২ৰ ছেপ্টেম্বৰত কংগ্ৰেছ দলৰ সভাপতিৰ নিৰ্বাচন

কংগ্ৰেছ দলৰ ৱৰ্কিং কমিটীৰ বৈঠক। মুখ্যত আগন্তুক ৫ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত দলটোৰ ৰণনীতি আৰু দেশৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব এই বৈঠকত। কংগ্ৰেছ দলটোৰ আভ্যন্তৰিণ বিষয়ৰ বহু কেইটা দিশৰ ওপৰতো আলোচনা হ’ব এই বৈঠকত। দলটোৰ একাংশ জ্যেষ্ঠ নেতাই এই বৈঠক আহ্বানৰ দাবী তুলিছিল।
জানিব পৰা মতে শেহতীয়াকৈ কংগ্ৰেছ ত্যাগ কৰিছে বহু কেইগৰাকী নেতাই এই বিষয়বোৰো ৱৰ্কিং কমিটীৰ বৈঠকত স্থান লাভ কৰিব।আনহাতে এই বৈঠকতে কংগ্ৰেছ দলৰ এজন পূৰ্ণ পৰ্যায়ৰ সভাপতি নিৰ্বাচিত কৰাৰ বিষয়টোৱেও স্থান লাভ কৰিব। মন কৰিবলগীয়া যে দীৰ্ঘ সময় ধৰি কংগ্ৰেছ দলটোৰ নাই এজন পূৰ্ণ পৰ্যায়ৰ সভাপতি।

এজন পূৰ্ণ পৰ্যায়ৰ সভাপতি নথকাৰ বাবে বিভিন্ন সময়ত দলটো বিপদৰ সন্মুখীন হৈছে। যাৰ বাবে কিছু দিন পূৰ্বে জ্যেষ্ঠ কংগ্ৰেছ নেতা কপিল চিব্বালে এই বিষয়ে ৰাজহুৱাকৈ অসন্তুষ্টি ব্যক্ত কৰিছিল।এজন পূৰ্ণ পৰ্যায়ৰ সভাপতি অবিহনে দলটোৰ বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। সেয়েহে তেওঁ স্পষ্টকৈ কৈছিল যে কংগ্ৰেছ ‘জি-২৩’ নেতাৰ গোট ‘জি হুজুৰ ২৩’ নহয়।

এনে বহু বিষয়ৰ ওপৰত আলোচনাৰ বাবে আহ্বান কৰা হৈছে কংগ্ৰেছৰ শনিবাৰৰ ৱৰ্কিং কমিটীৰ বৈঠক। কেইদিনমানৰ পূৰ্বে ৰাজ্যসভাৰ বিৰোধী দলৰ প্ৰাক্তন নেতা গুলাম নবী আজাদে কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীলৈ শীঘ্ৰেই ৱৰ্কিং কমিটীৰ এখন বৈঠক আহ্বান কৰিবলৈ পত্ৰ লিখিছিল।

প্ৰকাশিত খবৰ অনুসৰি ২০২২ বৰ্ষৰ ছেপ্টেম্বৰত কংগ্ৰেছৰ সভাপতিৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন। এই নিৰ্বাচনতে কংগ্ৰেছৰ এজন পূৰ্ণ পৰ্যায়ৰ সভাপতি নিৰ্বাচিত কৰা হ’ব। উল্লেখযোগ্য যে লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ বিপৰ্যয়ৰ পিছত ৰাহুল গান্ধীয়ে পদত্যাগ পত্ৰ প্ৰদান কৰিছিল।ইয়াৰ পিছত ছোনিয়া গান্ধীয়ে ২০১৯ চনৰ আগষ্টত কংগ্ৰেছ দলটোৰ অন্তৱৰ্তীকালীন সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল।