Local, Vocal, Global

গহপুৰৰ শিশু হত্যাকাণ্ডৰ নতুন মোৰ ! পিতৃয়ে হত্যা কৰিলে এবছৰীয়া পুত্ৰক

ডিজিটেল ডেস্ক:-গহপুৰৰ শিশু হত্যাকাণ্ডৰ লৈছে নতুন মোৰ ! গহপুৰৰ কোকিলা পথাৰত এটি এবছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই লৈছে নতুন মোৰ।পিতৃয়ে হত্যা কৰিলে এবছৰীয়া পুত্ৰক।পিতৃৰ হাতত প্ৰাণ গ’ল এবছৰীয়া সন্তান পৰাগজ্যোতি বৰদলৈৰ।

মানুহ আচলতে কিমান নিৰ্দয় হ’ব পাৰে।নিজৰ কণমানি পুত্ৰক হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰিলে এগৰাকী পিতৃয়ে। অতি দুৰ্ভাগ্যজনক কথা যে, হত্যাকাৰী আছিল স্বয়ং পিতৃ। তথ্য অনুসৰি, পুৱতিনিশা প্ৰায় তিনি বজাত ঘৰত উপস্থিত হৈ শচীনে পত্নী আৰু জীয়াৰীৰ চোতালৰ পৰা মাতে। তেওঁৰ হাতত আছিল এখন দা। এনে অৱস্থাত পত্নী আৰু কন্যা ঘৰৰ পৰা ওলাই নাহে। শচীনক ঘৰৰ চোতালত প্ৰত্যক্ষ কৰি সকলোৱে নিশ্চিত হয় যে তেৱেঁই নিজ সন্তানক হত্যা কৰিছে। শচীনে এই সন্দৰ্ভত বাটত কোনো ডকাইতে আগচি ধৰাৰ কথা কৈ নিজকে বচাবলৈ চেষ্টা কৰিছিল যদিও এই কথা বিশ্বাসযোগ্য নাছিল। পিছত ৰাইজে লপা-থপা দি বৰদলৈক আৰক্ষীক গটাই দিয়ে।

পত্নীয়ে জানিবলৈ দিয়া মতে, হত্যাকাৰী শচীনে পূৰ্বেও কেইবাজনো লোকক হত্যা কৰাৰ ভাবুকি দিছিল। উল্লেখ্য, পিতৃৰ নিষ্ঠুৰতাৰ বলি হোৱা পুত্ৰ পৰাগজ্যোতি বৰদলৈৰ কালি এবছৰীয়া জন্মদিন আছিল। সেয়ে বুধবাৰে নিশা পিতৃৰ সৈতে বজাৰ কৰিবলৈ ওলাই গৈছিল। কিন্তু তেতিয়াৰ পৰা দুয়ো সন্ধানহীন হৈ থাকে আৰু পিছদিনা পুৱা গাঁৱৰ পথাৰত পুত্ৰৰ মৃতদেহ উদ্ধাৰ হয়।

শচীন বৰদলৈৰ বিৰুদ্ধে পুত্ৰ হত্যাৰ অভিযোগ তুলিছে পত্নী আৰু গাওঁ বাসীয়ে।পত্নীয়ে দাবী কৰিছিল যে পুত্ৰক হত্যা কৰা শচীন বৰদলৈক ফাঁচি দিব লাগে।স্থানীয় ৰাইজে দাবী কৰিছে যে পুত্ৰ পৰাগজ্যোতিক পিতৃ শচীন বৰদলৈয়ে হত্যা কৰিছে। আৰক্ষীয়ে পিতৃ শচীনক থানালৈ লৈ যোৱাৰ পিছত সকলো স্থানীয় লোক থানাত উপস্থিত হয় আৰু এক উত্তেজিত পৰিস্থিতি উদ্ভৱ হয়।