অটল বিহাৰী বাজপেয়ীৰ অভিলেখ ভংগ কৰিলে নৰেন্দ্ৰ মোদীয়ে

প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ অভিলেখ ভংগ কৰি নৰেন্দ্ৰ মোদী হ’ল সৰ্বাধিক সময় শাসনত থকা অকংগ্ৰেছী প্ৰধানমন্ত্ৰী৷ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে অতিক্ৰম কৰিলে একেৰাহে ছটাকৈ বছৰ৷ বৃহস্পতিবাৰে বিজেপিৰ আই টি বিভাগৰ মুৰব্বী অমিত মালৱিয়াই টুইটযোগে জনাই যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশৰ ইতিহাসৰ সৰ্বকালৰ চতুৰ্থ দীৰ্ঘ সময়ৰ প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয়৷ মোদীয়ে ২০১৪ৰ ২৬ মে’ত প্ৰথম কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল৷ আটাইতকৈ দীৰ্ঘসময়ৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল পণ্ডিত জৱাহৰলাল নেহৰু৷