Local, Vocal, Global

নাৰায়ণপুৰৰ বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰক বিজেপি নেতাৰ ভাবুকি

নাৰায়ণপুৰৰ ঐতিহাসিক শ্ৰীশ্ৰী বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ মুনিন্দ্ৰ নাৰায়ণ গোস্বামীক অপদস্থ একাংশ বিজেপি নেতাৰ ৷ আজিও অব্যাহত আছে উত্তোজনা। ঐতিহাসিক শ্ৰীশ্ৰী বেলগুৰি সত্ৰৰ প্ৰবেশ দ্বাৰত কংগ্ৰেছৰ প্ৰতিবাদ। বিধায়ক দেবানন্দ হাজৰিকা, আৰু জিলা পৰিসদ সদস্য ভাস্কৰ হাজৰিকাৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাৱস্ত্য কৰে।  সত্ৰাধিকাৰ মুনীন্দ্ৰ নাৰায়ণ গোস্বামীৰ গোচৰৰ ভিত্তিত নাৰায়ণপুৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

উল্লেখযোগ্য যে সোমবাৰে বিয়লি একাংশ বিজেপি নেতাই ঐতিহাসিক শ্ৰীশ্ৰী বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ মুনীন্দ্ৰ নাৰায়ণ গোস্বামীক অপদস্থ কৰিছিল। শ্ৰীশ্ৰী বেলগুৰি সত্ৰৰ আনটাইড ফাণ্ডৰ ৫০ লাখ টকাৰ কীৰ্তন ঘৰ নিৰ্মাণত নিম্নমানৰ টিনপাত লগোৱাৰ অভিযোগ উত্থাপন কৰে। বিজেপি নেতা কেইজনে কামৰ খতিয়ান লবলৈ গৈ অপদস্থ কৰিছিল সত্ৰাধিকাৰ গৰাকীক ৷ বিধায়ক প্ৰতিনিধি সুনীল হাজৰিকা, জিলা পৰিষদৰ সদস্য ভাস্কৰ হাজৰিকাই লগত একাংশ পালিনেতা সৈতে সত্ৰৰ টিনপাত নিম্নমানৰ বুলি অভিযোগ উত্থাপন কৰাৰ লগতে সত্ৰাধিকাৰগৰাকীক ব্যক্তিগত চৰিত্ৰহননৰ চেষ্টা চলাইছিল।

উল্লেখযোগ্য যে নাৰায়ণপুৰৰ প্ৰতিটো কামত কমিচন লোৱাৰ অভিযোগ আছে একাংশ বিজেপি নেতাৰ বিৰুদ্ধে। শংকৰ-মাধৱৰ মণিকাঞ্চন সংযোগৰ প্ৰমাণস্বৰূপ বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰৰ পৰা কমিচনৰ লালসাত বিজেপি নেতা কেইজনৰ উদ্ধতালিত শংকিত হৈ পৰিছে সত্ৰাধিকাৰগৰাকী ৷ সত্ৰাধিকাৰগৰাকীয়ে অশেষ কষ্ট কৰি আনটাইড ফাণ্ডৰ ৫০ লাখ টকা আৱন্টন কৰি নিৰ্মাণ কৰিছে কীৰ্তন ঘৰটো ৷

অৱশেষত বিতৰ্কৰ মাজতে বুধবাৰে সত্ৰত প্ৰবেশ কৰি সত্ৰাধিকাৰক অপমান কৰাৰ অভিযোগ উত্থাপন কৰা ভাস্কৰ হাজৰিকা, সুনীল হাজৰিকা, তপন চেকনীধৰা,প্ৰাঞ্জল বৰা বুঢ়া ভকত,নিত্যানন্দ শইকীয়া ভকত। আঠু কাঢ়ি দোষ স্বীকাৰ কৰি বিচাৰিলে ক্ষমা।