Nandotsava festivals celebrated : সোণাৰিৰ ঐতিহাসিক শ্ৰী শ্ৰী থুকুবিল সত্ৰত পৰম্পৰাগত বোকা ভাওনা
সোণাৰি,১৫ছেপ্তেম্বৰ : সোণাৰিৰ ঐতিহাসিক শ্ৰী শ্ৰী থুকুবিল সত্ৰত আজি পৰম্পৰাগত বোকা ভাওনা অনুষ্ঠিত হয়।৫৫৫ বছৰৰোধিক এই সত্ৰখনত প্ৰতিবছৰে পালন কৰি আহিছে বোকা ভাওনা(Nandotsava festivals celebrated)।
শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ পাছত পৰম্পৰাগত ভাবে সোণাৰিৰ শ্ৰী শ্ৰী থুকুবিল সত্ৰত প্ৰতি বছৰে নন্দোৎসৱ পালন কৰি বোকা ভাওনা অনুষ্ঠিত কৰি আহিছে । সত্ৰত নন্দোৎসৱৰ লগত সংগতি ৰাখি ভকত বৃন্দই নাম-প্ৰসংগ কৰাৰ পাছত সত্ৰৰ বৈষ্ণৱ সকলৰ খোল আৰু বৰতালৰ চেৱে চেৱে গুৰুজনাৰ অনুপম সৃষ্টি বোকা ভাওনা প্ৰদৰ্শন কৰি সম্পূৰ্ণ আধ্যাত্মিক পৰিবেশৰ মাজত সত্ৰৰ বাসিন্দাসকলৰ লগতে ভকত বৃন্দক ভক্তিৰ ৰসেৰে আপ্লুত কৰে(Nandotsava festivals celebrated in Sonari)।
শ্ৰী কৃষ্ণৰ জন্মৰ পাছত ভক্তসকলে আনন্দত নাচি নাম গাই ফুৰ্টী কৰা লগতে ইজনে সিজনক বোকাৰে লুটুৰী পুতুৰী হৈ আনন্দত মতলীয়া হোৱাৰ পৰিবেশক পূণৰ উপস্থাপন কৰি বিজ্ঞান আৰু প্ৰযুক্তিৰ দিনত এই নন্দোৎৱ বা পাছতিৰ দিনা বোকা ভাওনা যোগে আনন্দৰ লহৰৰ লগতে আধ্যাত্মিক দিশত গুৰুজনাৰ আদৰ্শৰ জাউতীযুগীয়া সম্প্ৰীতি আৰু সমন্বয়ৰ সেতুক সুদৃঢ় কৰাৰ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে শ্ৰী শ্ৰী থুকুবিলৰ সত্ৰবাসীয়ে।