WATCH | Nalbari News : নপ্তিপাৰা সত্ৰৰ বাসুদেৱ মন্দিৰৰ পুখুৰীৰ গাৰ্ড ৱাল আৰু মাটি পূৰণৰ এম. জি.এনৰেগা আঁচনিৰ শুভ উদ্ধোধন
নলবাৰী,১৪মে’ : নলবাৰী জিলাৰ নপ্তিপাৰা সত্ৰত আয়তিসকলে আজি নাম প্ৰসংগৰে এক আধ্যাত্মিক পৰিৱেশৰ সূচনা কৰে।
১৪ মে’ ২০২৫ ইংৰাজী বুধবাৰৰ দিনটো অঞ্চলবাসীৰ বাবে চিৰ স্মৰণীয় হৈ থাকিব। কিয়নো আজিৰ দিনটোতেই অঞ্চলটোত এম. জি. এনৰেগাৰ অধীনত নপ্তিপাৰা সত্ৰৰ বাসুদেৱ মন্দিৰৰ পুখুৰীৰ গাৰ্ড ৱাল আৰু মাটি পূৰণ আঁচনিখনৰ শুভ উদ্বোধন কৰা হয়। আঁচনিখনৰ শুভ উদ্ধোধন কৰে নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাই। নপ্তিপাৰা সত্ৰৰ বাসুদেৱ মন্দিৰৰ পানী তোলা ঘাটটো নিৰ্মাণৰ ব্যৱস্থা কৰি দিয়াৰ কথা কোৱাৰ লগতে সত্ৰৰ উন্নয়নৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিব বুলিও কয়(Nalbari News)।
আজিৰ মাংগলিক অনুষ্ঠানটিত উপস্থিত থাকে নলবাৰী জিলা আয়ুক্ত বৰ্নালী ডেকা, অসম চৰকাৰৰ অতিৰিক্ত মহা অধিবক্তা পাৰংগ নাৰায়ন গোস্বামী, বৰক্ষেএী খণ্ড উন্নয়ন বিষয়া প্ৰকাশ বৰ্মণৰ লগতে উপস্থিত থাকে জাগাৰা-নপ্তিপাৰা গাঁও পঞ্চায়তৰ নৱ নিৰ্বাচিত কাউঞ্চিলাৰ দিনেশ বৈশ্য, জাগাৰা উত্তৰ কামপীঠ কণিষ্ঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নগেন চন্দ্ৰ বেজবৰুৱাৰ লগতে মন্দিৰ পৰিচলনা সমিতিৰ বিষয়ববীয়াসকলৰ লগতে অঞ্চলটোৰ আয়তীসকল।