Local, Vocal, Global

আধাঘণ্টাৰো বেচি সময় পানীত উপঙি থাকিব পাৰে বাৰ বছৰীয়া কিশোৰ গৰাকীয়ে

যোগ সাধনাৰে পানীত উপঙি চমক বৰখালাৰ কিশোৰ প্ৰজ্ঞান শৰ্মাৰ ৷ আধাঘণ্টাৰো বেচি সময় পানীত উপঙি থাকিব পাৰে বাৰ বছৰীয়া কিশোৰ গৰাকীয়ে ৷ বৰদেউতাক অনিল শৰ্মাই শিকাইছিল যোগৰ দ্বাৰা পানীত উপঙা পদ্ধতি৷৷

আমাৰ ৰাজ্যত প্ৰতিভাৰ অভাৱ নাই৷ শিশু কিশোৰৰ পৰা যুৱকযুৱতী তথা বয়সস্থ লোকলৈ বিৰল প্ৰতিভাৰে উজ্বলিছে ৰাজ্যখন ৷

আজি আমি দেখুৱাম যোগ সাধনাৰ দ্বাৰা আধাঘণ্টাতকৈ বেচি সময় গভীৰ পানীত উপঙি থাকিব পৰা এজন কিশোৰ ৷ নলবাৰী সমষ্টিৰ ১১ নং দেহাৰকুছি গাওঁ পঞ্চায়তৰ অন্তৰ্গত বৰখালা গাওঁ নিবাসী তথা শ’লমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইংৰাজীৰ বিষয় শিক্ষক জয়ন্ত শৰ্মাৰ বাৰ বছৰীয়া সন্তান প্ৰজ্ঞান শৰ্মাই যোগ সাধনাৰ দ্বাৰা আধাঘণ্টাতকৈ বেচি সময় পানীত উপঙি থাকি একপ্ৰকাৰ চমক সৃষ্টি কৰিছে ৷

বিগত বৰ্ষৰ লক্‌ডাউনৰ সময়ত প্ৰজ্ঞানৰ বৰদেউতাক তথা পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহঃশিক্ষক অনিল শৰ্মাই নিজৰ পুখুৰীতে প্ৰজ্ঞানক উক্ত যোগ সাধনাৰ প্ৰশিক্ষণ দিছিল । অতিপাত চোকা বুদ্ধি সম্পন্ন কিশোৰ গৰাকীয়ে ইয়াক সহজতে আয়ত্ত কৰি বৰ্তমান অঞ্চলত চমক সৃষ্টি কৰিছে ৷

শংকৰদেৱ বিদ্যা নিকেতন(বাহাৰঘাট)ৰ সপ্তমমান শ্ৰেণীৰ ছাত্ৰ প্ৰজ্ঞানে উক্ত কাৰ্য্য সমাপন কৰিব পায় যথেষ্ট আনন্দিত ৷ তেওঁ কয় পানীত উপঙাটো এটি যোগ সাধনা ই কোনো আধ্যাত্মিক বা অলৌকিক ঘটনা নহয় ৷ তেওঁ এদিন ৰাজ্য নহয় দেশ তথা বিশ্ব জয় কৰি অঞ্চললৈ সুনাম কঢ়িয়াই আনক ৷