Local, Vocal, Global

চাকৰি দিম বুলি বহিঃৰাজ্যলৈ নি বলপূৰ্বকভাৱে লিংগ পৰিবৰ্তন কৰোৱালে

কৰ্মসংস্থাপন দিয়া প্ৰলোভনেৰে  বহিঃৰাজ্যলৈ নি বলপূৰ্বকভাৱে নাজিৰাৰ যুৱকক কৰোৱালে লিংগ পৰিবৰ্তন৷ভুক্তভোগীৰ বিস্ফোৰক মন্তব্য।

 

কৰ্মসংস্থাপন দিয়াৰ প্ৰলোভনেৰে নাজিৰা এজন যুৱকক বলপূৰ্বকভাৱে লিংগ পৰিৱৰ্তনৰ দৰে জঘন্য ঘটনা পোহৰলৈ আহিছে নাজিৰাত৷

 

নাজিৰাৰ মাইনা গগৈৰ নামৰ যুৱক জনক শিৱসাগৰ তৃতীয় লিংগৰ এটা চক্ৰই কাম কৰাৰ প্ৰলোভনেৰে উত্তৰপ্ৰদেশলৈ লৈ যায়৷

 

ইয়াৰ পিছত পুনৰ যুৱক জনক চক্ৰটোৱে দিল্লীলৈ নি নাজিৰাৰ মাইনা গগৈক ভেকচিন দি অচেতন কৰি বলপূৰ্বকভাৱে চিকিৎসালয়ত লিংগ সলনি কৰে। বুলি  মাইনা গগৈয়ে নাজিৰা আদৰ্শ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে৷

 

এই তৃতীয় লিংগৰ চক্ৰটোৰ সৈতে জড়িত ব্যক্তিকেইজনে বাচি লয় দৰিদ্ৰ পৰিয়ালৰ সন্তানসকলক আৰু চাকৰিৰ  প্ৰলোভন দিয়ে দৰিদ্ৰ পৰিয়ালৰ সন্তানসকলক।

 

এই চক্ৰটোৰ সৈতে জড়িত লাকী দাস ওৰফে লোহিত দাস,ৰিংকী দাস ওৰফে ৰিংকু দাস,চানিয়া আলি ওৰফে পাপু আলি,মাধৱী দাস ওৰফে মাধৱ দাস,প্ৰিয়া বাচপুত ওৰফে ৰাজা বাচপুত,মীনা দাস,লখিমপুৰৰ ৰিংকী দাস।মীনা দাস,লখিমপুৰৰ ৰিংকী দাসৰো আছে একো একোটা প্ৰকৃত নাম

 

মাইনা গগৈও অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান।মাইনা গগৈয়ে উল্লেখ কৰা মতে তেওঁৰ দৰে আন বহুকেইজন যুৱকক বলপূৰ্বকভাৱে লিংগ সলনি কৰি আহিছে এই চক্ৰটোৱে।আনকি চক্ৰটোৱে বলপূৰ্বক লিংগ পৰিৱৰ্তন কৰাই নাৰী দেহ ব্যৱসায়টো নিয়োগ কৰাই।

 

পাঁচদিনৰ পূৰ্বে নাজিৰাৰ এইগৰাকী ভোক্তভোগী মাইনা গগৈ নিজা বাসগৃহলৈ পলায়ন কৰি আহিছে।ইতিমধ্য চানিয়া আলি ওৰফে পাপু আলি আৰু মাধৱী দাস ওৰফে মাধৱ দাসে ফোন যোগেৰে ভাবুকি দিয়া কল ৰেৰ্কডিং  আহি পৰিছে সংবাদ মাধ্যমৰ হাতত।

 

 

ইতিমধ্যে মাইনা গগৈয়ে নাজিৰা আৰক্ষীৰ কাষ চাপিছে।আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা৷