Local, Vocal, Global

মোবাইল প্ৰেমৰ আজৱ কাণ্ড ,মোবাইলত হাই ,হেল্ল’ কৰি কৰি পাছলৈ প্ৰেম, তাৰপিছত…………..

মাটিৰ দালাল নহয় ,এজন প্ৰেমৰ সদাগৰক বিচাৰি আৰক্ষীৰ অভিযান ,পিছে আৰক্ষী যোৱাৰ উমান পাই ঘটনাৰ নায়কৰ আত্মগোপন ,আৰক্ষীয়ে পালে নায়িকাকহে ।

নগৰবেৰাৰ টুপামাৰীত মোবাইল প্ৰেমৰ আজৱ কাণ্ড ,মোবাইলত হাই ,হেল্ল’ কৰি কৰি পাছলৈ প্ৰেমৰ প্ৰস্তাৱ আৰু নিজকে অবিবাহিত পৰিচয় দি বিয়া পাতিলে প্ৰেয়সীক ।

পত্নীৰ উপৰি ঘৰত কানসমনীয়া সন্তান থকাৰ পাছতো আদহীয়া প্ৰেমিকে সংঘটিত কৰিলে এনে আজৱ কাণ্ড

ইফালে অবিবাহিত বুলি ভাবি নিজ কন্যাক বিয়া দি পাছলৈ জোঁৱায়েকৰ সঠিক ’বায়ডাটা’ জানিব পাৰিহে খঙত বিবুদ্ধিত পৰে যুৱতীৰ পিতৃ আৰু কাষ চাপিল আৰক্ষীৰ ।

অৱশেষত যুৱতীৰ পিতৃয়ে নগৰবেৰা আৰক্ষী থানাত দাখিল কৰা এক এজাহাৰৰ ভিত্তিত বুধবাৰৰ আবেলি বৰপেটাৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত পাঠিমাৰী গাঁৱৰ ছাফাৰুদ্দিনৰ গৃহৰ পৰা উদ্ধাৰ কৰে ন-কইনাক

ইফালে আৰক্ষী যোৱাৰ উমান পাই চতুৰ ছাফাৰুদ্দিনে ঘৰ এৰি কৰিলে পলায়ন ,মোবাইল প্ৰেমৰ পৰিণতিত এগৰাকী যুৱতীৰ এনে লটিঘটি হোৱাৰ খৱৰে চাঞ্চল্য বিয়পাইছে অঞ্চলজুৰি ।