নাগালেণ্ড: সোমত NSCN-K (YA) কেডাৰ আটক
নিৰাপত্তাৰক্ষীয়ে নাগালেণ্ড আৰক্ষীৰ সৈতে এক যুটীয়া অভিযানত ৩ নৱেম্বৰত মন জিলাৰ অন্তৰ্গত লুংৱা গাঁৱত NSCN-K (Yung Aung or YA) ৰ এজন কেডাৰক আটক কৰে বুলি দেওবাৰে এক প্ৰতিৰক্ষা বিজ্ঞপ্তিত কোৱা হৈছে।
এক গোপন সূত্ৰৰ জৰিয়তে নিৰাপত্তাৰক্ষীয়ে ৰাজ্যখনৰ কোনিয়াক অঞ্চলত একাধিক অবৈধ ধন দাবী কাৰ্যকলাপত জড়িত থকা কেডাৰজনক আটক কৰে।
জানিব পৰা মতে, কেডাৰজনে ম্যানমাৰত অৱস্থিত NSCN-K (YA) শিবিৰৰ পৰা লুংৱা গাঁৱত কাম কৰি আছে বুলি প্ৰকাশিত হৈছে।
খবৰ অনুসৰি NSCN-K (YA) ৰ ম্যানমাৰৰ চাগাইং বিভাগৰ হাউকিয়াত, খানমোই,লোহান, কামাইআৰু পাংচাউত শিবিৰ আছে।
ধৰা পৰা কেডাৰজনক পৰৱৰ্তী আইনী ব্যৱস্থাৰ বাবে মন আৰক্ষীক গতাই দিয়া হৈছিল।