Local, Vocal, Global

বিকশিত অসমৰ নগ্ন ছবি,ধোঁৱাচাঙত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আঁচনি

এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ গঞাৰ

নিজৰাৰ অস্বাস্থ্যকৰ পানী সেৱন কৰি জীৱন-নিৰ্বাহ বাক্সাৰ পাণবাৰী -শান্তিপুৰবাসীৰ

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ন ন আঁচনি আজি ধোঁৱাচাঙত

চৰকাৰে ৰূপায়ন কৰা নতুন নতুন আঁচনি আজি ধোঁৱাচাঙত৷ মন্ত্ৰী ৰিহন দৈমাৰীয়ে নেতৃত্ব লোৱা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চৰম হেমাহিৰ বাবে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ গঞাই৷ বৰষুণ আৰু নৈ-নিজৰাৰ অস্বাস্থ্যকৰ পানী সেৱন কৰি অসুস্থ হোৱাও পৰিলক্ষিত হয় অঞ্চলটোৰ কণ কণ শিশুসহ স্থানীয় ৰাইজ৷ বাক্সাৰ চাপাগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত পাণবাৰী আৰু শান্তিপুৰৰ ৰাইজে খোৱাপানীৰ সমস্যাক লৈ দীৰ্ঘদিনে যাতনা ভুগি আহিছে৷ দুই-তিনি কিলোমিটাৰ বাট অতিক্ৰম কৰি চাইকেলেৰে আহি কলহেৰে নৈ আৰু নিজৰাৰ পানী নিবলৈ ঢাপলি মেলে মহিলাসকলে৷ নাই এটা দমকল, নাই কোনো চৰকাৰী পানী যোগান আঁচনিৰ ব্যৱস্থা, যাৰ বাবে নিজৰাৰ অস্বাস্থ্যকৰ পানী খাই জীৱন-নিৰ্বাহ কৰিছে অঞ্চলটোৰ ৰাইজে৷ এফালে যদি খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হয় আনফালে আকৌ লুঙলঙীয়া পথেৰে যাতায়ত কৰি দুৰ্ভোগ ভুগিব লগা হৈছে ৰাইজে৷ ৰাইজৰ অভিযোগ এয়াই নেকি বিকশিত অসমৰ নমুনা? হাগ্ৰাম মহিলাৰীৰ ১৭ বছৰীয়া শাসনকালৰ মডেল বিটিচ আনফালে ৰিহন দৈমাৰীৰ বিভাগত হোৱা উন্নয়নৰ বাস্তৱ ছবি এয়া৷ শীঘ্ৰে এটুপি বিশুদ্ধ খোৱা পানী যোগনৰ সুব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী স্থানীয় ৰাইজৰ৷ কিন্তু বহুবাৰ ৰাইজে বিশুদ্ধ খোৱা পানীৰ বাবে সষ্টিটোৰ বিপিএফ দলৰ বিধায়ক থানেশ্বৰ বসুমতাৰীক অৱগত কৰাৰ পিছতো এইক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ উজাৰে অঞ্চলবাসীয়ে৷