Local, Vocal, Global

Watch | Mushalpur GSP joining program : দিহিৰাত গণ সুৰক্ষা পাৰ্টীত যুৱ প্ৰজন্মৰ যোগদান

মুছলপুৰ: বিটিচি পৰিষদীয় নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু কেইটামান মাহ বাকী । এনে সময়তে বিটিচি দখলৰ প্ৰচেষ্টাৰে ৰাজনৈতিক দলসমূহৰ মাজত দেখিবলৈ পোৱা গৈছে এক যুদ্ধকালীন তৎপৰতা ।

বিপিএফ, ইউপিপিএল আৰু বিজেপিৰ সমান্তৰালকৈ কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ নৱ কুমাৰ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টীয়েও তৎপৰতা দেখুৱাবলৈ সক্ষম হৈছে ।

তাৰেই পৰিপ্ৰেক্ষিতত কালি বাক্সা জিলাৰ দিহিৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত চৰাইমাৰীত সমষ্টিটোৰ বৰ্তমানৰ পাৰিষদ ঘনশ্যাম দাসৰ উপস্থিতিত এক যোগদান সভা অনুষ্ঠিত হয় ।

উক্ত সভাত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰায় তিনি শতাধিক পুৰুষ মহিলা সমৰ্থকে গণ সুৰক্ষা পাৰ্টীৰ কাম-কাজৰ প্ৰতি আকৃষ্ট হৈ উক্ত দলটোত আনুষ্ঠানিকভাৱে যোগদান কৰে ।

বিশেষকৈ যুৱ চামৰ যোগদান পৰিলক্ষিত হয় । যোগদান কাৰ্যসূচীৰ অন্তত সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত দিহিৰা মণ্ডল গণ সুৰক্ষা পাৰ্টীৰ সাধাৰণ সম্পাদক যাদৱ দাসে ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়োক মিছলীয়া আখ্যা দি কঠোৰভাৱে সমালোচনা কৰে । যোগদান কৰা একাংশইও ঘনশ্যাম দাসৰ জৰিয়তে হে দিহিৰাত উন্নয়ন সম্ভৱ বুলি মন্তব্য কৰে ।