মহানগৰীত লোমহৰ্ষক হত্যাকাণ্ড, ঘৰৰ ভিতৰতে মূৰত গুলীয়াই হত্যা দুৰ্বৃত্তই

নিউজ ডেস্ক, ১০ এপ্ৰিলঃ মহানগৰীৰ নৃশংস হত্যাকাণ্ড(murder)। গুৱহাটী মহানগৰীৰ বৰাগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। ঘৰৰ ভিতৰতেই হত্যা কৰি থৈ যায় কোনো দুৰ্বৃত্তই।
মহানগৰীৰ বৰাগাঁৱৰ হৰেশ্বৰ বসুমতাৰী পথত সংঘটিত হৈছে এই হত্যাকাণ্ডৰ ঘটনা।দুৰ্বৃত্তই এজন লোকক হত্যা কৰি পেলাই থৈ যায় ঘৰৰ ড্ৰয়িং ৰূমত৷
মৃত লোকজন একাউটেণ্ট অজিত চেতিয়া বুলি চিনাক্ত কৰে মহানগৰ আৰক্ষীয়ে । মহানগৰ আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধানত এয়া ডকাইতি কাণ্ড বুলি সন্দেহ কৰিছে ৷
দুৰ্বৃত্তই মুৰত গুলীয়াই হত্যাৰ সন্দেহ কৰে আৰক্ষীয়ে। লগতে ডিঙিতো চোকা অস্ত্ৰৰ আঘাটৰ চিন পৰিলক্ষিত হয়।এই হত্যাকাণ্ডৰ সময়ত ঘৰত কোনো লোক উপস্থিত নাছিল জানিব পৰা গৈছে ৷
ঘটনাস্থলীত চি আই ডিৰ দল আৰু ফৰেনচিকৰ দল উপস্থিত হয় ৷ আৰক্ষীয়ে অজিত চেতিয়াৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। বৰ্তমান আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত তালাচী অভিযান অব্যাহত ৰাখিছে।