মুম্বাই পুলিচৰ অৱসৰ প্ৰাপ্ত কনিষ্টবলে নিজৰ দুটাকৈ ল’ৰাক গুলীয়াই মাৰিলে
মুম্বাই পুলিচৰ অৱসৰ প্ৰাপ্ত কনিষ্টবলে নিজৰ দুটাকৈ ল’ৰাক গুলীয়াই মাৰিলে । গোটেই দেশবাসীক মৰ্মান্তিক কৰা এক ঘটনা ।
এজন অৱসৰ প্ৰাপ্ত পুলিচে নিজৰ লৰাক কেনেকৈ গুলীয়াই মাৰিব পাৰে । প্ৰাপ্ত খবৰ অনুসৰি এজন এতিয়াও চিকিৎসাধীন হৈ আছে আৰু এজনৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় । ইতিমধ্যে পুলিচে দোষীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । পুলিচৰ ভাস্য অনুসৰি ডাঙৰ ল’ৰাৰ পেটত গুলি মাৰিছিল,আৰু যাৰ বাবে চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় ।
ল’ৰা দুজনৰ লগত পিতৃৰ সম্পৰ্ক ভাল নাছিল , ঘুৰুৱা কিছু সমস্যাৰ বাবে । যাৰ বাবে পিতৃ অৰ্থাৎ দোষী ভগৱান পাটিলে ঘৰত মাতি ৪টা কৈ গুলি বৰ্ষণ কৰে নিজৰ পুত্ৰৰ ওপৰত । তাৰপিছতে গোটেই অঞ্চলবাসী আচৰিত হৈ পৰে,যে আপোন পিতৃ কেনেকৈ নিজৰ সন্তানৰ ওপৰত গুলি বৰ্ষণ কৰিব পাৰে ।