Local, Vocal, Global

Drugs paddler arrested: নলবাৰী আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

নলবাৰী, ৫জুন : ৰাজ্যত বৰ্তমানেও অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ ।ৰাজ্যৰ শাসনলৈ আহিয়েই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছ আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই ৷

এতিয়াও ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহৰ ৰমৰমীয়া বেহা।পিছে হাত সাৱটি বহি থকা নাই অসম আৰক্ষীও ৷ দিনে নিশাই চলাই আছে অভিযান। দৈনিক অভিযান চলাই আৰক্ষীয়ে জালত পেলাইছে ড্ৰাগছ সৰবৰাহকাৰী ৷আৰক্ষীৰ অভিযান কালত ৰাজ‍্যৰ বিভিন্ন স্থানত প্ৰায় নিতৌ ড্ৰাগছ জব্দ হৈছে । আটক হৈছে সৰবৰাহকাৰী । সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আছে এই সমূহ ঘটনাই। ড্ৰাগছৰ সৰবৰাহ উপৰিও ৰাজ্যত নকল সোণ আৰু নকল টকাৰ ৰমৰমীয়া বেহা চলাই আছে একাংশ দুষ্ট চক্ৰই।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে অসমক ড্ৰাগছ মুক্ত কৰাৰ কথা ঘোষণা কৰিছিল। তেওঁ শপত গ্ৰহণ কৰাৰ পিছত স্পষ্ট কৰি দিছিল যে তেওঁৰ চৰকাৰে ৰাজ্যৰ যুৱক-যুৱতীসকলক সকলো ধৰণৰ ড্ৰাগছৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰিব।কিন্তু তাৰ মাজতে চলি আছে ড্ৰাগছৰ সৰবৰাহ ৰমৰমীয়া ব্যৱসায়।

পুনৰ মুকালমুৱাত আটক ড্ৰাগছ সৰবৰাহকাৰী(Mukalmua police detained drugs paddler)। সৰবৰাহকাৰীটোৰ পৰা জব্দ ৫৩২টা নিচাযুক্ত টেবলেট আৰু এটা মবাইল ফোন।
মুকালমুৱাৰ ৰাইজৰ সহযোগত মুকালমুৱা আৰক্ষীয়ে আটক কৰে ড্ৰাগছ সৰবৰাহকাৰীটোক । ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম ৰাইনুল আলী(২২)বুলি জানিব পৰা গৈছে।তথ্য অনুসৰি, ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৱে দীৰ্ঘদিন দৰি অঞ্চলটোত ড্ৰাগছৰ বেহা চলাই আহিছিল।

গতে পঢ়ক : India banned 14 medicines : আপোনাৰ বাবে বিপদজ্জনক ১৪ বিধ ঔষধ