সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা ‘MR IPL’ৰ
নিউজ ডেস্ক, ৬ ছেপ্তেম্বৰ :মঙলবাৰে টুইটাৰযোগে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL)কে ধৰি সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে Suresh Rainaই।
৩৫ বছৰীয়া ৰাইনাই বিচিচিআই, উত্তৰ প্ৰদেশ ক্ৰিকেট সংস্থা, চেন্নাই চুপাৰ কিংছ, বিচিচিআইৰ উপ-সভাপতি ৰাজীৱ শুক্লা আৰু অনুৰাগীসকলক তেওঁৰ সমগ্ৰ ক্ৰিকেট যাত্ৰাত তেওঁলোকৰ সমৰ্থনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
তেওঁ টুইট কৰি কয়, “মোৰ দেশ আৰু ৰাজ্যিক উত্তৰ প্ৰদেশক প্ৰতিনিধিত্ব কৰাটো এক পৰম সন্মানৰ বিষয়। মই ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা কৰিব বিচাৰো। মই BCCI, UPCA Cricket, Chennai IPL, Rajiv Shukla ছাৰ আৰু মোৰ সকলো অনুৰাগীক তেওঁলোকৰ সমৰ্থন আৰু মোৰ সামৰ্থ্যৰ ওপৰত অটল বিশ্বাসৰ বাবে ধন্যবাদ জনাইছো।”
উল্লেখ্য যে, ২০২০ চনৰ ১৫ আগষ্টত এম এছ ধোনীৰ দৰে একেদিনাই ৰাইনাই ২০১৯ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। তেওঁ ধোনীৰ নেতৃত্বত ২০১১ চনৰ বিশ্বকাপ আৰু ২০১৩ চনৰ চেম্পিয়নছ ট্ৰফী জয় কৰা টীম ইণ্ডিয়াৰ অংশ আছিল।
‘MR IPL’ হিচাপে খ্যাত ৰাইনাই ব্যক্তিগত কাৰণত ২০২০ চনৰ আই পি এলৰ পৰা আঁতৰি আহিছিল। ২০২১ চনত, ৰাইনা এম এছ ধোনী, ৰোহিত শৰ্মা আৰু দিনেশ কাৰ্তিকৰ পিছত ২০০ খন মেচ খেলা আই পি এল ইতিহাসৰ চতুৰ্থজন খেলুৱৈ হয়।
অৱশ্যে, তেওঁ ২০২২ চনৰ আই পি এল নিলামত বিক্ৰী নোহোৱাকৈ গৈছিল। আনকি চেন্নাই চুপাৰ কিংছেও (CSK) অতীতত তেওঁলোকৰ বাবে সুনাম অনা খেলুৱৈজনৰ বাবে বিড কৰা নাছিল। ৰাইনা ৪ বাৰৰ আই পি এল চেম্পিয়ন CSKৰ এক অবিচ্ছেদ্য অংশ আছিল।