মৈৰাবাৰীৰ আৰক্ষীৰ জালত গ্ৰেপ্তাৰ হল ম’ষ্ট ৱাণ্টেড ড্ৰাগছ মাফিয়া নজৰ ফকিৰ

মৈৰাবাৰীৰ আৰক্ষীৰ জালত গ্ৰেপ্তাৰ হল মধ্য অসমৰ ম’ষ্ট ৱাণ্টেড পলাতক ড্ৰাগছ মাফিয়া নজৰ ফকিৰ । জেললৈ প্ৰেৰণ।অৱশেষত আৰক্ষীৰ জালত পৰিল ড্ৰাগছ মাফিয়া নজৰ ফকিৰ৷ মৰিগাও জিলাৰ মৈৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে কৰায়ত্ব কৰে ড্ৰাগছ মাফিয়া নজৰ ফকিৰক।জানিব পৰা মতে, ড্ৰাগছ মাফিয়া নজৰ ফকিৰে দীৰ্ঘদিন ধৰি শিলিগুৰিৰ পৰা ড্ৰাগছ সৰবৰাহ কৰি আনি মৈৰাবাৰী, লাহৰীঘাট, ৰূপহী, জুৰিয়া, জাজৰি আদি বিভিন্ন স্হানলৈ বেহা চলাই আহিছিল । পূৰ্বেতে কণ কণ শিশুক ব্ৰাউন ছুগাৰ সেৱন কৰিবলৈ শিক্ষা দিয়াৰ দৰে কামত নজৰ ফকিৰ জড়িত আছিল ৷
কিন্তু আজি নজৰ ফকিৰ মৈৰাবাৰী থানা এলেকাৰ হাতীমুৰীয়া অঞ্চল তথা মৈৰাবাৰী উন্নয়ন খণ্ডৰ সন্মুখত কোনো সৰবৰাহ কাৰীৰ পৰা ড্ৰাগছ সংগ্ৰহ কৰিবলৈ ৰৈ থাকোতেই এক গোপন সূত্ৰৰ পণ খেদি মৈৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে কৰায়ত্ব কৰিবলৈ সক্ষম হয় দুধৰ্ষ ড্ৰাগছ মাফিয়া নজৰ ফকিৰক ।
ইতিমধ্য মৈৰাবাৰী আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে ২২৩/২১ নম্বৰত এটি গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰে দুৰ্ধষ অপৰাধী নজৰ ফকিৰক ৷