Local, Vocal, Global

ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি নদীৰ পাৰত কোৰাণ পাঠ

মৰিগাঁৱৰ লাহৰীঘাটৰ টেঙাগুৰী কছাৰী গাঁৱত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি নদীৰ পাৰতে  কোৰাণ পাঠ, দোৱা প্ৰাৰ্থনা৷ মৰিগাঁৱৰ লাহৰীঘাটৰ বিভিন্ন স্থানত অব্যাহত আছে মহাবাহু ব্ৰহ্মপুত্ৰৰ খহনীয়া। প্ৰতি দিনে ন ন পৰিয়ালে ঘৰ ভেটি হেৰুৱাই হৈছে সৰ্বস্বান্ত। গছ-বাঁহৰ তলত লৈছে আশ্ৰয়। এই দৃশ্য লাহৰীঘাটৰ টেঙাগুৰীৰ  কছাৰীগাঁৱৰ ৷ লুইতৰ পাৰত এওঁলোক সমবেত হৈছে এক কোৰাণ খতম কাৰ্যসূচীৰ বাবে। খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি এওঁলোক শৰণাপন্ন হৈছে আল্লাহৰ ওচৰত। টেঙাগুৰী কছাৰী গাঁও, মহমাৰী পথাৰ, বৰহলৌ কান্দা, বটাবাৰী আদি অঞ্চলৰ খহনীয়া বিধ্বস্ত লোকসকলে উপায়হীন হৈ এতিয়া অদৃশ্যজনৰ ওচৰত শৰণাপন্ন হৈ  এনেদৰে কোৰাণ খতম কৰি দোৱা প্ৰাৰ্থনা কৰিছে  । ইয়াৰ বাহিৰে যেন  এতিয়া সৰ্বহাৰা  খহনীয়া বিধ্বস্ত লোকসকলৰ হাতত কোনো উপায় নাই। আনহাতে  টেঙাগুৰী কছাৰী গাঁও মথাউৰীটোলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে খহনীয়াই। এতিয়া যিফালেই চকু দিয়া যায় সেই ফালেই নৈপৰীয়া ৰাইজৰ অনিশ্চিত ভৱিষ্যতৰ ধুসৰ ছবি। প্ৰশ্ন হয় এই অঞ্চলবোৰত কেতিয়া সুদৃষ্টি পৰিব ৰজাঘৰীয়াৰ?