Local, Vocal, Global

৬০০ ৰো অধিক আই.এছ.আই.এছ সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ

তিনিমাহত ৬০০ ৰো অধিক আই.এছ.আই.এছ সন্ত্ৰাসবাদী গ্ৰেপ্তাৰৰ দাবী তালিবানৰ । আফগানিস্তানৰ তালিবান শাসিত চৰকাৰে বিগত তিনিমাহত তেওঁলোকে ৬০০ কৈ অধিক ইছলামিক ষ্টেট সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছে বুলি প্ৰকাশ কৰে। গ্ৰেপ্তাৰ কৰা সকলৰ ভিতৰত আই এছ আই এছৰ শীৰ্ষ পৰ্যায়ৰ নেতাও আছে বুলি তালিবানে কয়।

“আমি আই এছ আই এছৰ সন্ত্ৰাসবাদী সকলৰ বিৰুদ্ধে কঠোৰ ব্যাৱস্থা গ্ৰহণৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰিম,” আফগান চোৰাংচোৱা বিভাগৰ মুখপাত্ৰ খলিল হামৰাজে এইদৰে কয়।

উল্লেখযোগ্য যে, আফগানিস্তানত তালিবানে ক্ষমতা দখল কৰাৰ পাছতে ইছলামিক ষ্টেট খোৰাছানে দেশখনত তালিবানক লক্ষ্য কৰি কেইবাটাও কূটাঘাত সংঘটিত কৰিছে। কিছুদিন পূৰ্বে ইছলামিক ষ্টেট বিদ্ৰোহী সকলে কাবুলত থকা দেশখনৰ এখন হস্পিটেলতো বোমা বিস্ফোৰণ সংঘটিত কৰিছে।