Watch | Moran Protest: মৰাণৰ হাজোৱা চাহবাগিচাত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ
মৰাণ: মৰাণৰ হাজোৱা চাহবাগিচাত শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীৰে আজি শ্ৰমিক সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । আদিবাসী ছাত্ৰ সন্থা হাজোৱা প্ৰাথমিক সমিতিৰ উদ্যোগত লোৱা ধৰ্ণা কাৰ্যসূচীত শ্ৰমিক সকলে বাগিচা পৰিচালকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । ৭টাকৈ দাবীৰে এখন স্মাৰক পত্ৰ প্ৰদান কৰে বাগিচা পৰিচালক । এই দাবী ৭ দিনৰ ভিতৰত পূৰণ নকৰিলে জংগী আন্দোলনৰ হুংকাৰ দিছে আদিবাসী ছাত্ৰ সন্থাই । বাগিচা পৰিচালকে শ্ৰমিক সকলক বাৰে বাৰে প্ৰতাৰণা কৰা অভিযোগ তুলিছে আদিবাসী ছাত্ৰ সন্থাই ।