Local, Vocal, Global

চৰাইদেউ জিলাত মৃতদেহ সৎকাৰৰ বাবে শলঠেকত প্ৰশাসন

47

কৰ’নাত আক্ৰান্ত হৈ বুধবাৰে নিশা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হোৱা চৰাইদেউ জিলাৰ প্ৰথমজন ৰোগীৰ মৃতদেহ সৎকাৰক লৈ আজিও অচলাৱস্থা অব্যাহত আছে ৷ ৭ জুলাইত গুৱাহাটীৰ পৰা অহা মৰাণৰ কচুপথাৰ গাঁৱৰ ভৱেন গগৈ  নামৰ ব্যক্তিজনক ৮ জুলাইত ভৰ্তি কৰা হৈছিল ডিব্ৰুগড়ৰ AMCH-ত ৷ সেইদিনাই নিশা ৮.৪৫ বজাত লোকজনৰ মৃত্যু হৈছিল ৷ কিন্তু লোকজন ক’ভিড-১৯ ত আক্ৰান্ত হোৱাৰ খৱৰ আহিছিল বৃহস্পতিবাৰে পুৱা ৷ এই ঘটনা পোহৰলৈ অহাৰ পাছতে মৰাণৰ কচুপথাৰত সৃষ্টি হৈছে আতংকৰ পৰিবেশ ৷ পৰিয়ালৰ লোকে মৃত ব্যক্তিজনৰ মৃতদেহ ডিব্ৰুগড়তে সৎকাৰৰ বাবে জিলা প্ৰশাসনক আহ্বান জনাইছিল যদিও আজি পৰ্যন্ত সঠিক সিদ্ধান্তলৈ আহিব পৰা নাই ডিব্ৰুগড় জিলা প্ৰশাসন ৷ আনহাতে চৰাইদেউ জিলা প্ৰশাসনে ভৱেন গগৈৰ নিজৰ ঘৰৰ বাৰীতে সৎকাৰৰ বাবে পদক্ষেপ গ্ৰহন কৰিছে যদিও গাঁওখনৰ আতংকিত ৰাইজে এইক্ষেত্ৰত বিৰোধিতা প্ৰদৰ্শন কৰিছে ৷ বৰ্তমানলৈকে মৃতদেহ কচুপথাৰ পোৱাহি নাই যদিও সৎকাৰক লৈ হোৱা সমস্যাই শলঠেকত পেলাইছে চৰাইদেউ জিলা প্ৰশাসনক ৷