মৰাণৰ ৰচিপথাৰ গাঁৱত কঁঠীয়া বিচাৰি কৃষকৰ হাহাকাৰ

কৃষি বিভাগৰ বীজৰ চমৎকাৰ! কঁঠীয়া ৰোৱাৰ সপ্তাহ-১০দিনতে ওলাল ধান, এতিয়া কৃষকে কৈছে অকৰা-মকৰা পাই আমাক কিয় ঠগিছে ? মৰাণৰ ৰচিপথাৰ গাঁৱত কঁঠীয়া বিচাৰি কৃষকৰ হাহাকাৰ কৃষি বিভাগৰ কৃতিত্বৰ কথা কৈ থাকিলে ওৰকে নপৰে ৷ চৰকাৰী উন্নত মানৰ বীজেৰে ধান খেতি কৰি এইবাৰ মহা সংকটত কৃষক ৷ পথাৰত কঁঠিয়া ৰোৱাৰ সপ্তাহ-১০দিনতে ধানে ওলোৱাত হাহাকাৰ কৰিবলগীয়া হৈছে কৃষকে ৷ ডিব্ৰুগড় জিলাৰ মৰাণৰ ৰচিপথাৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷ মৰাণৰ চৰকাৰী বীজ নিগমৰ পৰা উন্নত মানৰ বীজ আনি এইবাৰ কঁঠীয়া পাৰিছিল মৰাণৰ বহু কৃষকে ৷ হাল বাই, মৈয়াই লৈ বৰ আশাৰে পথাৰত কঁঠীয়া ৰুইছিল ৰোৱঁনীয়ে ৷ কিন্তু কৃষকৰ সেই আশাত চেঁচাপানী পৰিল কম দিনৰ ভিতৰতে ৷ উপায়হীন কৃষকে ৰোৱা উভালি পুনৰ সাজু হ’বলগীয়া হৈছে কঁঠীয়া ৰুৱৰ বাবে৷ এইবাৰ বানে জুৰুলা কৰা মৰাণৰ বহু গাঁৱত এতিয়া কঠিয়া নাই ৷ উপায়হীন কৃষকে এতিয়া ফেৰাই প্ৰতি কঠিয়া ৫০ টকা দৰত ক্ৰয় কৰি পুণৰ ৰুব লগীয়া হৈছে ৷