Local, Vocal, Global

৭০ বছৰীয়া হ’ল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

৭০ বছৰীয়া হ’ল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ ১৯৫০ চনৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ মোদীৰ জন্মদিন উপলক্ষে সমগ্ৰ দেশবাসীয়ে নৰেন্দ্ৰ মোদীৰ আশু আৰোগ্য আৰু দীৰ্ঘায়ু কামনা কৰিছে৷ কৰ’নাৰ ভয়াৱহতাৰ বাবে অনুষ্টুপীয়াকৈ মোদীৰ জন্মদিন উদযাপন কৰিছে বিজেপি কৰ্মীয়ে৷

মোদীৰ জন্মদিন উপলক্ষে বিজেপি কৰ্মীয়ে বিগত কেইবাবছৰ ধৰি সেৱা সপ্তাহ হিচাপে পালন কৰি আহিছে৷ ১৪ ছেপ্টেম্বৰৰ পৰা পালন কৰা এই সেৱা সপ্তাহত বিজেপি কৰ্মীসকলে বিভিন্ন গঠনমূলক কাম-কাজ কৰিছে৷ প্ৰধানমন্ত্ৰীৰ জন্মদিনত দেশ-বিদেশৰ বিভিন্নজন নেতাই প্ৰেৰণ কৰিছে শুভেচ্ছা বাৰ্তা৷ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনেও বিশেষভাৱে শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে আৰু প্ৰশংসাৰে ওপচাই পেলাইছে৷