Local, Vocal, Global

কোনো অসুস্থতা নাই! আজিয়েই গ্ৰেপ্তাৰ হ’ল মডেল ৰাজকন্যা

অসুস্থ নহয় গুৱাহাটীত শ্ৰমিকক মহতিয়াই নিয়া মডেল ৰাজকন্যা।জি এন আৰ চিৰ আই চি ইউত ভৰ্তি হৈ আছিল মডেলগৰাকী। জি এম চি এইচৰ মেডিকেল ব’ৰ্ডে ৰাজকন্যা বৰুৱাৰ কোনো অসুস্থতা নাপালে ৷  ব’ৰ্ডৰ প্ৰতিবেদন লৈ পুনৰ GNRCত উপস্থিত আৰক্ষী | GNRCৰ চিকিৎসক আৰু কৰ্তৃপক্ষৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’ব আৰক্ষীয়ে৷ ৯জনকৈ শ্ৰমিকক মহতিয়াই নিয়াৰ অভিযোগ মডেল ৰাজকন্যাৰ বিৰুদ্ধে। গ্ৰেপ্তাৰৰ এদিন পিছতে জামিনত ওলাই আহিছিল মডেলগৰাকী।তাৰ পিছতে আৰক্ষীৰ ভূমিকাক লৈ উত্থাপিত হৈছিল বিভিন্ন প্ৰশ্নৰ। যাৰ ফলত পুনৰ আৰক্ষীয়ে ৰাজকন্যাক চমন জাৰি কৰিবলৈ বাধ্য হৈছিল। কিন্তু অসুস্থতাৰ দোহাই দি মঙলবাৰে দিছপুৰ থানাত হাজিৰ হোৱা নাছিল ৰাজকন্যা। ৰাজকন্যাৰ মাতৃয়ে দুসপ্তাহৰ সময় বিচাৰিছিল আৰক্ষীক।