Local, Vocal, Global

কমলাপুৰ আৰু হাজোত মন্ত্ৰী পীযুষ হাজৰিকা…

ডিজিটেল ডেস্ক:- বুধবাৰে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই কমলাপুৰ আৰু হাজো সমষ্টিৰ অন্তৰ্গত দুটা স্থান পৰিদৰ্শন কৰে।ভগ্ন মথাউৰিৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ।মন্ত্ৰীগৰাকীয়ে কলাজল আৰু বৰলীয়া নদীৰ মথাউৰি পৰিদৰ্শন কৰে।মন্ত্ৰীগৰাকীয়ে প্ৰথমতে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ সৈতে সমষ্টিটোৰ অন্তৰ্গত কলাজল নদীৰ মথাউৰি পৰিদৰ্শন কৰে।২০২৩-২৪ বিত্তীয় বৰ্ষত নদীখনৰ দুয়োপাৰে মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব বুলি উল্লেখ কৰে। মন্ত্ৰী হাজৰীকাই কয় যে বিগত বৰ্ষৰ প্ৰলয়ংকাৰী বানত ৰাজ্যখনৰ ২৬ টা মথাউৰি ৪১ টা স্থানত চিঙিছিল । চিঙা মথাউৰি অংশসমূহ বিভাগীয়ভাৱে মেৰামতি কৰি দিয়া হৈছে । আনহাতে মথাউৰিটোৰ চিগা অংশৰ লগতে গোটেই মথাউৰিটোৱেই ওখ আৰু শক্তিশালী কৰাৰ কামো বৰ্তমানে চলি আছে ।ৰাজ্যখনৰ এনে মথাউৰিসমূহৰ মুঠ ৬০ ৰ পৰা ৭০ শতাংশ কাম ইতিমধ্যেই সমাপ্ত হৈছে বুলি উল্লেখ কৰিছে মন্ত্ৰীগৰাকীয়ে ।
লগতে মন্ত্ৰীগৰাকীয়ে কয় যে আগন্তুক দুমাহৰ ভিতৰত বাৰিষাৰ আগতে বাকী সকলো কাম সমাপ্ত কৰা হ’ব যাৰ বাবে বিভাগৰ পৰা দিনে-ৰাতিয়ে কাম কৰি থকা হৈছে । প্ৰাকৃতিক দুৰ্যোগক পোনচাটেই নিয়ন্ত্ৰণ কৰিব পাৰি বুলি ক’ব নোৱাৰি যদিও মথাউৰিক লৈ ৰাইজ ইমান শংকিত হোৱাৰ কাৰণ নাই বুলি মন্ত্ৰী হাজৰীকাই পৰিদৰ্শনৰ সময়ত মন্তব্য কৰে ।
পাছত মন্ত্ৰী হাজৰীকাই হাজো সমষ্টিৰ অন্তৰ্গত চমুখা ঘাট আৰু বাথান অঞ্চল ভ্ৰমণ কৰি বিভাগীয় ভাৱে চলি থকা বৰলীয়া নদীৰ মথাউৰি পুনৰ নিৰ্মাণৰ কাম পৰিদৰ্শন কৰে । উল্লেখযোগ্য যে বিগত বাৰিষাত অঞ্চল দুটাত বৰলীয়া নদীৰ বানে মথাউৰি চিঙি অঞ্চলটোত বানৰ সৃষ্টি কৰিছিল । মথাউৰি চিঙা অংশ দুটা ইতিমধ্যেই মেৰামতি কৰি মথাউৰিটোৰ ৩.৫ কিল’মিটাৰ অংশ ওখ আৰু শক্তিশালী কৰাৰ কাম কৰি থকা হৈছে । মন্ত্ৰী গৰাকীৰ আজি পৰিদৰ্শনৰ সময়ত স্থানীয় লোকসকলে মথাউৰি নিৰ্মাণৰ কামত নিজৰ সন্তোষ্টি প্ৰকাশ কৰে । এই পৰিদৰ্শনৰ সময়ত হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াও উপস্থিত থাকে।