ভাৰতৰ দৌৰবিদ মিলখা সিঙৰ দেহাৱসান
ভাৰতৰ কিংবদন্তী দৌৰবিদ মিলখা সিঙে ক’ভিড-১৯ মহামাৰীৰ সৈতে প্ৰায় এমাহ কাল যুজ দি সুস্থ হৈ উঠা পিছতে শুকুৰবাৰে নিশা হঠাতে স্বাস্থ্যৰ অৱনমিত হৈ আৰু পিছত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯১ বছৰ। মহান দৌৰবিদ গৰাকীৰ পত্নী নিৰ্মল কৌৰ কিছুদিন পূর্বে ক’ৰনা ভাইৰাছত আক্রান্ত হৈ মৃত্যু হ’বলগীয়া হয়। আনহাতে, তেওঁৰ পুত্ৰ জীৱ মিলখা সিং আৰু তিনিজনী কন্যা ক’ৰনা ভাইৰাছৰ দ্বাৰা আক্রান্ত হৈ সুস্থ হৈ উঠিছিল। মিলখা সিঙক ৩ জুনত ক’ভিড-১৯ত আক্রান্ত হৈ চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছিল। পৰৱৰ্তী সময়ত ক’ৰনা ভাইৰাছৰ পৰীক্ষাত নিগেটিভ হিচাপে চিনাক্ত হোৱাত ক’ভিড আই চি ইউ ৰ পৰা স্থানান্তৰিত কৰা হৈছিল। অৱশ্যে, পৰৱৰ্তী সময়ত জ্বৰ হোৱাত আৰু অক্সিজেনৰ মাত্ৰা হ্রাস পোৱাত পুনৰ পি জি আই এম ই আৰ চিকিৎসালয়ৰ ইনটেনচিভ কেয়াৰ ইউনিটত(আইচিইউ) ভৰ্তি কৰোৱা হয়।