Local, Vocal, Global

Cancer Capital of India: মেঘালয়ক দেশৰ কৰ্কট ৰোগৰ ৰাজধানী আখ্যা

নেশ্যনেল ডেস্ক, ২৬ মে,: মেঘালয়ৰ শ্বিলংস্থিত নেইগ্ৰিহমছৰ অংক’লজী অস্ত্ৰোপচাৰ বিভাগ (Department of surgical oncology)ৰ উদ্যোগত মেঘালয়ৰ আধ্যাত্মিক ক্ষেত্ৰখনৰ লগত জড়িত একাংশ ব্যক্তি আৰু ৰাজ্যিক স্বাস্থ্য বিভাগৰ কৰ্মচাৰীৰ উপস্থিতিত এখন পৰামৰ্শমূলক বৈঠক অনুষ্ঠিত হৈ যায় (Consultative meeting organised by NEIGRIHMS)। বুধবাৰে অনুষ্ঠিত এই পৰামৰ্শমূলক বৈঠকখনত NEIGRIHMS ৰ (উত্তৰ-পূব ইন্দিৰা গান্ধী আঞ্চলিক স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান)ৰ সঞ্চালক ডাঃ নলিন মেহতাই মেঘালয়ক “ভাৰতৰ কৰ্কট ৰোগৰ ৰাজধানী” বুলি অভিহিত কৰে (Meghalaya becomes cancer capital of India) ।

তেখেতে কয় যে, দেশৰ ভিতৰতে সৰ্বাধিক কৰ্কট ৰোগ হোৱা ৰাজ্যৰ ভিতৰত মেঘালয় অন্যতম (প্ৰতি লাখ জনসংখ্যাৰ বিপৰীতে ১৩১ গৰাকী) আৰু সেয়েহে উপলব্ধ প্ৰতিটো বিকল্পৰ জৰিয়তে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰাটো অতিকে গুৰুত্বপূৰ্ণ হৈ পৰিছে ।

“দেশৰ ভিতৰতে সৰ্বাধিক কৰ্কট ৰোগৰ হাৰ থকা ৰাজ্যখন হৈছে মেঘালয় আৰু ৰাজ্যখনেও ধঁপাত সেৱনৰ উল্লেখযোগ্য প্ৰাদুৰ্ভাৱৰ সৈতে যুঁজি আছে (Meghalaya has highest cancer rate in India)। গ্ল’বেল এডাল্ট ধঁপাত জৰীপ, ২০১৬-১৭ অনুসৰি ৪৭% প্ৰাপ্তবয়স্ক, গ্ল’বেল ইউথ ট’বেকো চাৰ্ভে, ২০১৯ অনুসৰি ১৩-১৫ বছৰৰ ভিতৰৰ ৩৪ শতাংশই বিভিন্ন ধৰণৰ ধঁপাত সেৱন কৰে । ৰাজ্যখনত ব্যক্তিৰ খাদ্যনলীৰ কৰ্কট ৰোগ আটাইতকৈ বেছি হোৱা পৰিলক্ষিত হয় য’ত প্ৰতি লাখৰ বিৰপীতে ৭১.২ গৰাকী লোক খাদ্যনলীৰ কৰ্কট ৰোগত আক্ৰান্ত হয়, যি মেঘালয়বাসীৰ বাবে অতিকে চিন্তাৰ বিষয় ” এক চৰকাৰী তথ্যৰ জড়িয়তে এই ভয়ংকৰ তথ্যটো পোহৰলৈ আহিছে ।

চাৰ্জিকেল অংক’লজী অৰ্থাৎ অংক’লজী অস্ত্ৰোপচাৰ বিভাগৰ সহযোগী অধ্যাপক ডাঃ কেলেব হেৰিছে কয় যে, “ধঁপাত, সুৰা আৰু তামোলৰ ব্যৱহাৰৰ ফলতে খাদ্যনলীৰ কৰ্কট ৰোগ অধিক হয় । অৱশ্যে ইয়াক নিয়ন্ত্ৰণ কৰিব পৰা যায় বুলিও তেখেতে উল্লেখ কৰে ।

বিভিন্ন ধঁপাতমুক্ত শৈক্ষিক প্ৰতিষ্ঠানে (ToFEI)গ্ৰহণ কৰি অহা বিভিন্ন পদক্ষেপৰ জৰিয়তে হোৱা অগ্ৰগতিৰ বিষয়টোক পৰ্যালোচনা কৰি এনে পদক্ষেপে যে শিশু, যুৱ-সমাজ, প্ৰাপ্তবয়স্ককে আদি কৰি সকলোৰে মাজত ব্যাপক প্ৰভাৱ পেলাব পাৰে তাক গ্ৰহণ কৰি লোৱা উচিত ।

লগতে পঢ়ক :Amit Shah on Manipur violence : হিংসাৰ দাবানলেৰে জৰ্জৰিত মণিপুৰবাসীক শান্তিৰ আহ্বান কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ, সকলোকে ন্যায়ৰ আশ্বাস