Local, Vocal, Global

২০ মে’, আজি অসমৰ ক্ৰীড়া সাংবাদিকতাৰ বাবে বিশেষ দিন

আজি অসমৰ ক্ৰীড়া সাংবাদিকতাৰ বাবে বিশেষ দিন। অসমৰ ক্ৰীড়া সাংবাদিকতাই আজিৰ দিনটোত ১০০ বছৰত ভৰি দিছে।

আজিৰ পৰা ৯৯ বছৰ আগেয়ে ২০ মে,১৯২৩বৰ্ষত অসমীয়া কাকতত প্ৰথমটো খেলৰ বিজ্ঞাপন ওলাইছিল। সেই দিনটোকে অসমৰ ক্ৰীড়া সাংবাদিকতাৰ আৰম্ভণি বুলি ধৰা হয়।


ক্ৰীড়া সম্পৰ্কীয় প্ৰথমটো বিজ্ঞাপন প্ৰকাশ পোৱা বাতৰি কাকতখন আছিল ‘ অসমীয়া’। আজিৰ এই বিশেষ দিনটোত কাকতখনৰ স্বত্বাধিকাৰ চন্দ্ৰকুমাৰ আগৰৱালা দেৱক শ্ৰদ্ধাৰে স্মৰণ কৰিছে অসমৰ ক্ৰীড়া সাংবাদিক সমাজে।

উল্লেখ্য যে অসমৰ ক্ৰীড়া সাংবাদিকতাৰ শততম বৰ্ষটো এলানি বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰিব অসম ক্ৰীড়া সাংবাদিক সন্থাই।