Local, Vocal, Global

আজি মেট্রিক উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ চূড়ান্ত সিদ্ধান্ত

হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ’ব নে নহয়, সেই সন্দর্ভত আজি গ্রহণ কৰা হ’ব চূড়ান্ত সিদ্ধান্ত ৷ আজি বিয়লি জনতা ভৱনৰ বিত্ত বিভাগৰ সভাকক্ষত অনুষ্ঠিত হ’বলগীয়া বৈঠকতে শেষ সিদ্ধান্ত লোৱা হ’ব বুলি শিক্ষা বিভাগৰ সূত্রই সদৰী কৰিছে ৷ সিদ্ধান্ত গ্রহণৰ বাবে বিয়লি ৩ বজাত এই বৈঠকৰ আহ্বান জনোৱা হৈছে ৷ গুৰুত্বপূর্ণ বৈঠকখনত স্বাস্থ্য, শিক্ষা, সমাজ কল্যাণ, পৰিবহণ বিভাগৰ প্রধান সচিব, অসম সাহিত্য সভা, বড়ো সাহিত্য সভা, সদৌ অসম ছাত্র সন্থা, নিখিল বড়ো ছাত্র সন্থাৰ নেতৃত্ব, মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী বিষয়া, চি বি এছ ইৰ আঞ্চলিক প্রবন্ধক, মাধ্যমিক শিক্ষা পৰিষদ, উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ বিষয়ববীয়া, কামৰূপ (R), কামৰূপ (M), নগাঁও, মৰিগাঁও জিলাৰ উপায়ুক্ত, মাধ্যমিক শিক্ষাৰ সঞ্চালক, কামৰূপ (M), মৰিগাঁও, গোৱালপাৰাৰ বিদ্যালয় পৰিদর্শক, ৰাজ্যিক শিক্ষা পৰিষদৰ সাধাৰণ সম্পাদক পৱিত্রপ্রাণ ভট্টাচার্য, মাধ্যমিক শিক্ষা আৰু কর্মচাৰী সন্থাৰ সভাপতি ভুবনেশ্বৰ নাথ, সম্পাদক গোবিন্দ চন্দ্র কলিতা উপস্থিত থাকিব ৷ উল্লেখ্য যে মেট্রিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা সন্দর্ভত ৰাজ্য চৰকাৰে এতিয়াও স্থিৰ সিদ্ধান্ত গ্রহণ কৰিব পৰা নাই৷ বিভিন্ন বিভাগ, সংগঠনৰে ধাৰাবাহিক আলোচনা কৰিও শিক্ষা বিভাগ সমাধানসূত্র উলিওৱাত ব্যর্থ হৈছে ৷ তাৰ মাজতে অসম মন্ত্রীসভাই পৰীক্ষা বাতিল কৰাৰ পক্ষত মত পোষণ কৰিছে৷ স্বাভাৱিকতে চৰকাৰৰ পৰা সঠিক সিদ্ধান্ত নোপোৱাত লাখ লাখ শিক্ষার্থী দোমোজাত পৰিছে ৷