সোণাৰিত ভয়ংকৰ অগ্নিকাণ্ড

নিউজ ডেস্ক, ৯ জুন : বুধবাৰে নিশা চৰাইদেউ জিলাৰ সোণাৰি (Sonari) নগৰস্থিত চৰাইদেউ (Charaideo) জিলা উপায়ুক্তৰ আৱাসিক কলনিৰ সমীপৰ ৫ নং ৱাৰ্ডত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।
বিধ্বংসী অগ্নিকাণ্ডত আব্দুল কৰিম নামৰ এজন লোকৰ বাসগৃহৰ লগতে কেইবাটাও ভাড়াঘৰ জাহ যায়।
অগ্নিকাণ্ডৰ ফলত কেইবাটাও ৰন্ধন গেছ চিলিণ্ডাৰ বিস্ফোৰণ ঘটে আৰু সেয়েহে অগ্নিকাণ্ড অধিক ভয়াবহ হৈ পৰে তোলে। পৰৱৰ্তী সময়ত বহু কেইখন অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।
বৰষুণৰ মাজতে হোৱা বিধ্বংসী অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি সম্পূৰ্ণৰূপে জাহ যায়।
অগ্নিকাণ্ডৰ পৰিপেক্ষিতত বুধবাৰে নিশা বিদ্যুত সংযোগ বিচ্ছিন্ন হৈ পৰে সমগ্ৰ সোণাৰি নগৰত। কি কাৰণে অগ্নিকাণ্ড সংঘটিত হল তাৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।