উত্তৰ প্ৰদেশৰ পিছত এইবাৰ বাংলাদেশত ভয়ংকৰ অগ্নিকাণ্ড

নিউজ ডেস্ক, ৪ জুন : শনিবাৰে নিশা বাংলাদেশৰ(Bangladesh) চিটাগঙত (Chittagong) এটা জাহাজৰ কন্টেইনাৰ ডিপোত ভয়ংকৰ অগ্নিকাণ্ডসংঘটিত হোৱাৰ ফলত কমেও ২৫ জন লোকৰ মৃত্যু হৈছে। নিহতসকলৰ ভিতৰত ৫জন অগ্নিনিৰ্বাপক বাহিনীৰ লোকো আছে।
সীতাকুণ্ডা (Sitakunda) অঞ্চলৰ ডিপোত সংঘটিত অগ্নিকাণ্ডত প্ৰায় ৪৫০ জন লোক আহত হৈছে আৰু কৰ্তৃপক্ষই মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰিছে।
সীতাকুণ্ডা চহৰৰ এটা কন্টেইনাৰ সংৰক্ষণ সুবিধাত জুই নুমুৱাবলৈ অগ্নিনিৰ্বাপক বাহিনীক মাতি অনাৰ পিছত বিস্ফোৰণটো সংঘটিত হৈছিল।
আঘাতপ্ৰাপ্ত সকলৰ বহুতৰ শৰীৰৰ ৬০% ৰ পৰা ৯০% পোৰাৰ সৈতে সংকটজনক অৱস্থাত আছে বুলি জানিব পৰা গৈছে।
আৰক্ষী বিষয়াৰ মন্তব্য অনুসৰি নিশা প্ৰায় ৯ বজাত জুই লাগিছিল আৰু মাজনিশা বিস্ফোৰণ হৈছিল। বিস্ফোৰণৰ পিছত, জুই দ্ৰুতগতিত বিয়পি পৰিছিল।
চিটাগঙ অগ্নি নিৰ্বাপক সেৱা আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ সহকাৰী সঞ্চালক মোঃ ফাৰুক হোছেইন চিকদাৰে কয় : “প্ৰায় ১৯ টা অগ্নি নিৰ্বাপক গোটে জুই নুমুৱাবলৈ কাম কৰি আছে আৰু ঘটনাস্থলীত ছয়খন এম্বুলেন্সো উপলব্ধ আছে ।”