জামুগুৰিহাটত ভয়ংকৰ অগ্নিকাণ্ড

ডিজিটেল ডেস্ক:-জামুগুৰিহাটত বিধ্বংসী অগ্নিকাণ্ড ।শুকুৰবাৰে পুৱা জামুগুৰিহাটৰ বালিজুৰি ধুবিখোলাত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড । শ্যাম নেৱাৰ নামৰ লোক জনৰ ঘৰত সংঘটিত হৈছে এই অগ্নিকাণ্ড ।অগ্নি কাণ্ডত সম্পূৰ্ণ ৰূপে ভস্মীভূত হয় লোক জনৰ বাসগৃহ । প্ৰায় লক্ষ্যধিক টকাৰ সা সম্পত্তি জুইত জাহ গ’ল। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় ।ইটাখোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰজ্যোতি শইকীয়াও উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।অগ্নিকাণ্ডৰ কাৰন জানিব পৰা হোৱা নাই৷