Local, Vocal, Global

তামিলনাডুত আতচবাজী কাৰখানাত ভয়ংকৰ বিস্ফোৰণ !

ডিজিটেল ডেস্ক:-তামিলনাডুৰ কাঞ্চিপুৰম জিলাৰ আতচবাজী কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড।অগ্নিকাণ্ডটোৰ ফলত কমেও ছয়জন লোক নিহত হয় আৰু আহত হয় বহু কেইজনলোক।জানিব পৰা মতে জিলাখনৰ কুৰুভিমালাই গাঁৱত এই বিস্ফোৰণটো সংঘটিত হয়।

আহত লোক সকলক চিকিৎসালৈ প্ৰেৰণ কৰা হৈছে। ঘটনাটোত কমেও ১৬ জন লোক আহত হৈছিল। আৰক্ষীয়ে জনোৱা অনুসৰি কাৰখানাটোৰ গৰাকীয়ে কমেও ২৫ জন লোকক নিযুক্তি দিছিল।

জানিব পৰা মতে, আতচবাজীবোৰ তৈয়াৰ কৰাৰ পিছত বাহিৰত ৰ’দত শুকুৱাবলৈ ৰখাৰ সময়ত জুই লাগিছিল। ইয়াৰ পিছত, জুই ইমান দ্ৰুতগতিত বিয়পি পৰিছিল যে কাৰখানাৰ ভিতৰত ৰখা আতচবাজীবোৰো ইয়াৰ কবলত পৰিছিল আৰু এটা প্ৰচণ্ড বিস্ফোৰণ হৈছিল।

ঘটনাটোৰ খবৰ পায় স্থানীয় লোকসকলে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে।অৱশ্যে অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় আৰু গুদামত আৱদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰ কৰি তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰে।