Mass wedding was held in Jamugurihat :এখন ব্যতিক্ৰমী বিবাহ। বিয়া নাম, উৰুলি আৰু হোমযজ্ঞৰে একেলগে বিবাহত বহিল ৬১ যোৰা দৰা-কইনা
জামুগুৰিহাট,২৮নৱেম্বৰ : আয়তীৰ উৰুলি, বিয়া নামেৰে মুখৰিত ৰঙাপৰাৰ এখন বিবাহস্থলী । এযোৰা দুযোৰা নহয়, ৬১যোৰা দৰা কইনা বহিল একেখন মণ্ডপতে। হোমযজ্ঞৰে পুৰোহিতৰ মন্ত্ৰোপাঠেৰে সম্পন্ন হ’ল বিবাহকাৰ্য (Mass wedding was held in Jagiroad) ।
হয়,বুধবাৰে ৰঙাপৰাৰ ঘইৰালি চাহ বাগিচা দেখিবলৈ পোৱা গ’ল এই দুৰ্লভ দৃশ্য । সম্পূৰ্ণ পাৰম্পৰিক পোছাক পৰিধান কৰি প্ৰতিযোৰা দৰা কইনাই বহিল হোমৰ গুৰিত ৷ হাতত বৰমাল্য লৈ দৰা কইনাই হোমৰ জুইক সাক্ষী কৰি এক হোৱাৰ পণ ল’লে । দৰাই কইনাক আৰু কইনাই পতিদেৱক বৰমাল্য পিন্ধাই সমাজক সাক্ষী কৰি ল’লে সেৱা ।
বেচ আমোদজনক এই সামূহিক বিয়া চাবলৈ ৰাইজৰ মাজতো যেন নোহোৱা হ’ল তৎ ৷ বিয়া প্ৰত্যক্ষ কৰিবলৈ সকলোৱে মণ্ডপত লগালে হেতা-ওপৰা ।
ঘইৰালিৰ কালি মন্দিৰ প্ৰাংগনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা শ্ৰীমদ্ভাগৱত জ্ঞানযজ্ঞৰ ধৰ্মীয় অনুষ্ঠানটিৰ অন্তিম দিনা সমূহীয়া বিবাহ কাৰ্য সম্পন্ন হয়। সমূহীয়া বিয়াত একেলগে বহিল ৬১ যোৰা দৰা-কইনা।বিভিন্ন কাৰণত বিবাহ নোহোৱা দৰা-কইনাসকলক হোম জুইক সাক্ষী কৰি বিবাহ কাৰ্য সম্পাদন কৰে পুৰোহিতে। ঘইৰালি চাহ বাগিচাৰ দৰা-কইনাসকলক আশীৰ্বাদ দিবলৈ ধৰ্মীয় অনুষ্ঠানভাগত উপস্থিত হয় অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা সাংসদ পল্লৱ লোচন দাস।
উল্লেখ্য যে শ্ৰীহৰি সৎসঙ্গ সমিতি পুৰ্বোত্তৰ আৰু ঘইৰালি চাহ বাগিচাৰ সমুহ সনাতন ৰাইজৰ সহযোগত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় শ্ৰীমদ্ভাগৱত জ্ঞানযজ্ঞ। দেশৰ শান্তি কামানাৰ্থে শ্ৰীমদ্ভাগৱত জ্ঞানযজ্ঞ অনুষ্ঠিত কৰে। অনুষ্ঠানভাগত পূজ্য প্ৰিয়া চন্দে কথাবচন শুনিবলৈ শ শ ভক্ত উপস্থিত হয় ঘইৰালি চাহ বাগিচাত।
লগতে পঢ়ক :Tragic Road accident in Jamugurihat:অচিনাক্ত বাহনৰ খুন্দাত নিহত যুৱক