Mass wedding was held in Dibrugarh:এখন ব্যতিক্ৰমী বিবাহ;বিয়া নাম, উৰুলি আৰু হোমযজ্ঞৰে একেলগে বিবাহত বহিল ২১ যোৰা দৰা-কইনা
ডিব্ৰুগড়,৩০নৱেম্বৰ : আয়তীৰ উৰুলি, বিয়া নামেৰে মুখৰিত ডিব্ৰুগড়ত এখন বিবাহস্থলী । এযোৰা দুযোৰা নহয়, ২১যোৰা দৰা কইনা বহিল একেখন মণ্ডপতে। হোমযজ্ঞৰে পুৰোহিতৰ মন্ত্ৰোপাঠেৰে সম্পন্ন হ’ল বিবাহকাৰ্য (Mass wedding was held in Dibrugarh) ।
হয়,শনিবাৰে ডিব্ৰুগড়ত দেখিবলৈ পোৱা গ’ল এই দুৰ্লভ দৃশ্য । সম্পূৰ্ণ পাৰম্পৰিক পোছাক পৰিধান কৰি প্ৰতিযোৰা দৰা কইনাই বহিল হোমৰ গুৰিত ৷বেচ আমোদজনক এই সামূহিক বিয়া চাবলৈ ৰাইজৰ মাজতো যেন নোহোৱা হ’ল তৎ ৷ বিয়া প্ৰত্যক্ষ কৰিবলৈ সকলোৱে মণ্ডপত লগালে হেতা-ওপৰা ।
আজি ডিব্ৰুগড়ত সামূহিক বিবাহ। ডিব্ৰুগড় জিলাৰ জকাই, জামিৰা, বৰবৰুৱা,ডিকম, চাবুৱা, টিংখঙ আদিকে ধৰি কেইবাটাও অঞ্চলৰ মুঠ ২১ গৰাকী যুৱক – যুৱতীয়ে আজি সামূহিক বিবাহ অনুষ্ঠানৰ জৰিয়তে যুগ্মজীৱনৰ পাতনি মেলে।
চহৰখনৰ দুই সমাজকৰ্মী ব্যক্তি সুধীৰ কেজৰিয়াল আৰু আশাদেৱী কেজৰিৱালৰ প্ৰচেষ্টাত ২১ জনকৈ যুৱ দম্পতিয়ে হিন্দু ধৰ্ম ৰীতি – নীতি অনুসৰি বিবাহ সম্পন্ন কৰা হয়। এই অনুষ্ঠানত চহৰখনৰ যথেষ্ট সংখ্যক হিন্দু ধৰ্মাৱলম্বীলোকে অংশগ্ৰহণ কৰাৰ পৰিলক্ষিত হয়।
জানিব পৰা অনুসৰি আৰ্থিকভাৱে স্বচ্ছলতা নথকা বাবে এইসকল যুৱ দম্পতিয়ে যুগ্মজীৱনৰ আৰম্ভ কৰিব পৰা নাছিল। অৱশেষত দুই কেজৰিয়াল দম্পতি প্ৰচেষ্টাত আজি আনুষ্ঠানিকভাৱে এইসকল নৱ দম্পতীয়ে যুগ্মজীৱনৰ পাতনি মেলিবলৈ সক্ষম হয়। আজি বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰি নৱ দম্পতীসকলক বহুজনে ফুলৰ থোপাৰে শুভেচ্ছাৰও জ্ঞাপন কৰে।
লগতে পঢ়ক :Dhing News: বনগাহৰিৰ পাছত এইবাৰ ধিঙত অচিন বিষাক্ত পোকৰ সন্ত্ৰাস