Local, Vocal, Global

বিটিআৰত নাথাকে কোঁচ-ৰাজবংশী গাঁওসমূহ, কাইলৈ বিশাল গণসভা

আজি ১২ জানুৱাৰীত নামনিৰ বঙাইগাঁও জিলাৰ শিমিলাগুৰিত অনুষ্ঠিত হ’ব বিশাল ৰাজহুৱা সভা৷ বিটিআৰৰ পৰা কোঁচ-ৰাজবংশী গাঁওসমূহ কৰ্তনৰ দাবীত বিশাল ৰাজসভা ৰাইজৰউপস্থিতিৰ কামনা কৰি গোহাৰি প্ৰকাশ কৰিছে৷

বিটিএডি এলেকাত অন্তৰ্ভুক্ত কোঁচ-ৰাজবংশী গাঁওসমূহ বিটিআৰ চুক্তি মৰ্মে কৰ্তন কৰাৰ দাবী জনাব৷ কোঁচ-ৰাজবংশী অধ্যুষিত তথা অজনজাতি ৰাজহ গাঁওসমূহ কৰ্তন কৰি কমতাপুৰ অটনমাছ কাউন্সিল চমুকৈ কেএচিত অন্তৰ্ভুক্তি কৰাৰ দাবী জনাব৷ কাইলৈ পুৱা ১১ বজাত বঙাইগাঁও জিলাৰ শিমিলাগুৰি ৰাস মন্দিৰ প্ৰাংগণত এক জনসভা আহ্বান কৰিছে। সভাত সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তাই।