Local, Vocal, Global

কিহৰ বাবে আত্মহনন ১২ বছৰীয়া কিশোৰৰ

0 22

বাক্সাৰ মুছলপুৰত এগৰাকী ১২ বছৰীয়া কিশোৰৰ আত্মহত্যা ৷ নিজ বাসগৃহত চিপ লৈ আত্মহত্যা কৰে কিশোৰজনে ৷ মুছলপুৰৰ আকাশ জাতীয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ আছিল ৰক্তিম কলিতা ৷ ছাত্ৰজনৰ আত্মহননে সৃষ্টি কৰিছে ৰহস্যৰ ৷ কি কাৰণে কিশোৰ ছাত্ৰজনে আত্মহননৰ পথ বাচি ললে সেয়া এতিয়াও পোহৰলৈ অহা নাই ৷ জানিব পৰা মতে মুছলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ২ নং নাৰায়নপুৰ গাঁওৰ জয়ন্ত কলিতা আৰু চিত্ৰা কলিতাৰ বাৰ বছৰীয়া পুত্ৰ ৰক্তিম কলিতা পুৱা গৈছিল টিউচনলৈ ৷ প্ৰায় দহ মান বজাত ঘৰলৈ উভতি আহিছিল ৰক্তিম ৷ পৰিয়ালৰ সৈতে হাঁহি মাতি কথা কৈ থকা ৰক্তিমে পিচত নিজৰ শোৱনী কোঠালৈ গৈ ভিতৰৰ পৰা দৰ্জাৰ বন্ধ কৰি চিপ লৈ আত্মহত্যা কৰে ৷ বহু দেৰি লৈকে ভিতৰৰ পৰা ওলাই নহাত পৰিয়ালে ৰক্তিমক মাতিও কোনো সহাঁৰি নাপায় পিচত ওলমি থকা প্ৰত্যক্ষ কৰে ৷ দৰ্জা ভাঙি কিশোৰজনক ততাতৈয়া কৈ ডা: ৰবি বড়ো অসামৰিক চিকিৎসালয় লৈ আনে যদিও কিশোৰজনৰ মৃত্যু হয় ৷ ইতিমধ্যে কিশোৰ ছাত্ৰজনৰ ৰহস্যজনক আত্মহননৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

Leave A Reply

Your email address will not be published.