Local, Vocal, Global

প্রাণ হেৰুৱালে কণ্ঠশিল্পী মাৰিলিয়া মেনডনকাই

এক বিমান দুর্ঘটনাত ব্রাজিলৰ কুইন অৱ ছাফাৰিং খ্যাত জনপ্রিয় কণ্ঠশিল্পী মাৰিলিয়া মেনডনকাৰ মৃত্যু ঘটিছে৷ দেশখনৰ গ্রামাঞ্চলত সংঘটিত বিমান দুর্ঘটনাত কণ্ঠশিল্পীগৰাকীৰ লগতে চাৰিজন লোকে প্রাণ হেৰুৱাইছে৷ ২০১৯ চনত লেটিন গ্রেমী বিজয়ী মাৰিলিয়া মেনডনকাই সম্পর্ক বিচ্ছেদিত মহিলাৰ অভিজ্ঞতাক প্রাধান্য দি ৰচনা আৰু পৰিৱেশন কৰা গীতৰ বাবে ব্রাজিলত অভূতপূর্ব জনপ্রিয়তা লাভ কৰে৷

১৯৯৫ চনৰ ২২ জুলাইত জন্মগ্রহণ কৰা মাৰিলিয়াই কিশোৰী অৱস্থাৰে পৰা সংগীতৰ জগতখনত প্রৱেশ কৰি ২০১৬ চনত সংগীত জগতৰ তাৰকা হিচাপে প্রতিষ্ঠিত হয়৷ মাত্র ২৬ বছৰ বয়সতে ব্রাজিলৰ এগৰাকী অতি জনপ্রিয় সংগীত শিল্পী হিচাপে স্বীকৃত মাৰিলিয়া মেনডনকাৰ পেট্র’ছ আৰু পেট্র’ৱাছ ৩৫ শতাংশ শীর্ষক এলবাম দুটাই অভূতপূর্ব জনপ্রিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল৷ এই দুয়োটা এলবামেই অভিলেখসংখ্যক বিক্রী হৈছিল৷ কণ্ঠদান কৰাৰ লগতে মাৰিলিয়া এগৰাকী দক্ষ গীটাৰবাদক আছিল৷ তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে তাৰকা ফুটবলাৰ নেইমাৰে এই বাতৰি অবিশ্বাস্য বুলি প্রকাশ কৰিছে৷