Local, Vocal, Global

৮ দুর্বৃত্তৰ ২০ জাই গুলীত থকা-সৰকা বিজেপি নেতা

পশ্চিমবংগৰ ২৪ পৰাগনাত ভয়ংকৰ ঘটনা৷ দুর্বৃত্তৰ গুলীৰ আক্ৰমণত নিহত এগৰাকী বিজেপি নেতা৷ দেওবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ ঘটনা৷ ৪খন বাইকত অহা ৮ দুর্বৃত্তই বিজেপি নেতা মণীষ শুক্লাৰ একেবাৰে কাষৰ পৰাই গুলী কৰে৷ ৮ দুর্বৃত্তৰ গুলীত ২০ জাই গুলীত গুৰুতৰভাৱে আহত হয় বিজেপি নেতা গৰাকী৷ উপস্থিত ৰাইজৰ সহায়ত নেতাজনক চিকিৎসালয়ত ভর্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে৷

ঘটনাৰ পিছতে পশ্চিমবংগৰ ২৪ পৰাগনা অঞ্চলত তীব্ৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ বিজেপি কর্মীয়ে নিশাই সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ৷ লগতে আজি ১২ ঘণ্টীয়া বন্ধ ঘোষণা কৰে৷ উল্লেখ্য যে পশ্চিমবংগৰ তিতাগড় আৰক্ষী থানাৰ সন্মুখতে সংঘটিত হৈছিল এই ঘটনা৷ ঘটনা সন্দর্ভত চিবিআই আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত৷