আজি CBIৰ জেৰাৰ সন্মুখীন হ’ব মনীষ ছিছোদিয়া…

ডিজিটেল ডেস্কঃ-আজি CBIৰ জেৰাৰ সন্মুখীন হ’ব মনীষ ছিছোদিয়া। সুৰা নীতি কেলেংকাৰি সন্দৰ্ভত CBI-এ জেৰা কৰিব দিল্লীৰ উপ-মুখ্যমন্ত্ৰীগৰাকীক। মাতৃৰ আশিস লৈ CBIৰ কাৰ্যালয়ৰ অভিমুখে ছিছোদিয়া।
ছিছোদিয়াৰ সৈতে CBIৰ কাৰ্যালয়ৰ অভিমুখে সহস্ৰ সমৰ্থক।ৰেলী কৰি ছিছোদিয়া প্ৰথম যাব ৰাজঘাটলৈ ।ৰাজঘাটৰ পৰা CBIৰ কাৰ্যালয়ৰলৈ যাব মনীষ ছিছোদিয়া।
অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টিৰ আশংকাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে ।ছিছোদিয়াক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিয়ালে।
দেওবাৰে সুৰা নীতি কেলেংকাৰিত গ্ৰেপ্তাৰ হ’ব পাৰে মুখ্যমন্ত্ৰীগৰাকী।