Local, Vocal, Global

Manipur Violence : পুনৰ মণিপুৰত ৫ দিনলৈ কৰ্তন ইণ্টাৰনেট সেৱা

নেশ্যনেল ডেস্ক, ১৬জুন: আজিও মণিপুৰৰ পৰিৱেশ শান্ত হোৱা নাই। এটাৰ পাছত আনটো কাৰকে ক্ৰিয়া কৰি আছে মণিপুৰত (Violence in Manipur)। মণিপুৰত এতিয়াও অব্যাহত আছে হিংসাত্মক ঘটনাৰ।পুনৰ দুস্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰিলে মন্ত্ৰীৰ বাসগৃহত। বৃহস্পতিবাৰে নিশা ইম্ফলৰ কংবাত ৰাজ্যখনৰ কেন্দ্ৰীয় বিদেশ মন্ত্ৰী আৰ কে ৰঞ্জন সিঙৰ বাসগৃহ জ্বলাই দিয়াৰ অভিযোগ মণিপুৰ চৰকাৰৰ(Mob torches Union minister Rajkumar Ranjan Singh’s house in Imphal) ।

বিষয়াসকলে জানিবলৈ দিয়া অনুসৰি, ঘটনাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী আৰ কে ৰঞ্জন সিং ঘৰত নাছিল । সংবাদ সংস্থা এএনআইৰ সৈতে হোৱা কথা-বতৰাত কেন্দ্ৰীয় মন্ত্ৰী আৰ কে ৰঞ্জন সিঙে কয় ঘটনাৰ সময়ত তেওঁ চৰকাৰী কামৰ বাবে কেৰালাত আছে ।মণিপুৰত এটাৰ পাছত আন এটা হিংসাত্মক ঘটনাই ক্ৰিয়া কৰি আছে।

মণিপুৰত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ মাজতে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ৰাজ্যত ইণ্টাৰনেট সেৱাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে । পুনৰ ৫ দিনলৈ কৰ্তন মণিপুৰত ইণ্টাৰনেট সেৱা(Manipur Government Extends Internet Shutdown for Five Days)

। যোৱা ৩ মে’ৰ পৰা ইণ্টাৰনেট সেৱা বন্ধ ৰখাৰ বাবে চৰকাৰে বাৰে বাৰে নিৰ্দেশ জাৰি কৰিছিল। কিন্তু তাৰ মাজতে ১৫জুনৰ পৰা ২০ জুনৰ বিয়লি ৩ বজালৈ মণিপুৰত ইণ্টাৰনেট সেৱা কৰ্তন কৰা হ’ব।

জানিব পৰা মতে, মণিপুৰত শান্তি আৰু ৰাজহুৱা শৃংখলাত যিকোনো বিভ্রান্তি প্ৰতিহত কৰিবলৈ এই নিৰ্দেশ জাৰি কৰা হৈছে । আশংকা কৰা হৈছে যে কিছুমান অসামাজিক ছবি, হিংসাত্মক ভাষণ আৰু ভিডিঅ’জনসাধৰণক উচতনি দিয়াৰ বাবে ছ’চিয়েল মিডিয়াক ব্যাপকভাৱে ব্যৱহাৰ কৰিব পাৰে যিয়ে আইন-শৃংখলাৰ পৰিস্থিতিৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে,” নিৰ্দেশনাত উল্লেখ কৰা হয় ৷

লগতে পঢ়ক : Manipur violence :কেন্দ্ৰীয় মন্ত্ৰী আৰ কে ৰঞ্জন সিঙৰ বাসগৃহত দুৰ্বৃত্তই অগ্নিসংযোগ