Local, Vocal, Global

নাবালকক ধৰ্ষণ কৰাৰ বাবে ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড

অসমৰ গোৱালপাৰা জিলাৰ এখন বিশেষ আদালতে এগৰাকী নাবালক  ছোৱালীক ধৰ্ষণ কৰাৰ বাবে এজন লোকক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড প্ৰদান কৰে।

বিশেষ POCSO (Protection of Children from Sexual Offences Act), ন্যায়াধীশ শুভ্ৰংশু ধৰে মবিঞ্চন মাৰাকক তেওঁ ৬ জুন, ২০১৯ তাৰিখে কৰা অপৰাধৰ বাবে ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড প্ৰদান কৰে ।

অভিযুক্ত মবিঞ্চন মাৰাকৰ বিৰুদ্ধে ৬ জুন, ২০১৯ ত এগৰাকী ৬ বছৰীয়া কিশোৰীক বলাৎকাৰ কৰাৰ বাবে ধৰ্ষণৰ গোচৰ ৰুজু কৰা হৈছিল।

উল্লেখ কৰিব পাৰি যে বিশেষ আদালতে অভিযুক্তজনক ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ ধাৰাৰ অধীনত ধৰ্ষণ আৰু POCSO আইনৰ ৪ নং ধাৰাৰ অধীনত যৌন নিৰ্যাতনৰ বাবে দোষী সাব্যস্ত কৰিছে।