মাজুলীত ভয়ংকৰ ঘটনা ! বৰবিহ সদৃশ পশু খাদ্য বানাক্ৰান্তলৈ ! জিলা প্ৰশাসনে যোগান ধৰা দানা খাই মৃত্যু ৪৫ টাকৈ পশুধনৰ ! হাহাকাৰপশুপালকৰ মাজত
মুখ্যমন্ত্ৰী সমষ্টি মাজুলীত সংঘটিত হৈছে এক ভয়ানক ঘটনা। মাজুলী জিলা প্ৰশাসনে বানক্ৰান্তক বিতৰণ কৰা পশু দানা ৰূপ লৈছে বৰবিহৰ। বিগত তিনিদিনৰ ভিতৰতে জিলা প্ৰশাসনে যোগান ধৰা পশুদানা খাই মৃত্যু হৈছে ৪৫টাকৈ গৰু। এই ঘটনা সংঘটিত হৈছে নামনি মাজুলীৰ দুৰ্গম চৰ অঞ্চল কেৰকেৰ গাঁৱত ।
বানত জুৰুলা হোৱা কেৰকেৰ গাৱত পশু দানা বিতৰণ কৰিছিল মাজুলী জিলা প্ৰশাসনে। কিন্তু জিলা প্ৰশাসনে বিতৰণ কৰা এই পশু দানা গৰু মহৰ বাবেও উপযোগী নাছিল। সম্পূৰ্ণ গেলা পচা আৰু দুৰ্গন্ধময় আছিল দানা। কিন্ত বান সৰ্বশ্ৰান্ত উপায়ন্তৰ ৰাইজে সেই দানাই প্ৰদান কৰিছিল পশুধনক। এই দানা খোৱাৰ পিছেতে কেৰকেৰ গাৱলৈ নামি আহে বিভীষিকা। দানাৰ বিষক্ৰিয়া হৈ কেৰকেৰ গাঁৱত এফালৰ পৰা ঢলি পৰিছে গৰুসমুহ। হৃদয়বিদাৰক এই ঘটনাক কেন্দ্ৰ কৰি হাহাকাৰ সৃষ্টি হৈছে পশুপালকৰ মাজত।