Local, Vocal, Global

Lumding train accident: লামডিঙত মালবাহী ৰে’ল দুৰ্ঘটনা

নিউজ ডেস্ক,১৯জানুৱাৰী : লামডিঙত মালবাহী ৰে’ল দুৰ্ঘটনা ৷

লামডিং জংচনৰ পৰা প্ৰায় ৫০০মিটাৰ দূৰৈত সংঘটিত হৈছে দুৰ্ঘটনাটো ৷

শনিবাৰে নিশা সংঘটিত হয় ঘটনাটো।

লাইনচ্যুত হ’ল দুটাকৈ মালবাহী ৰেলৰ ডবা(Lumding train accident) ৷

লগে লগে ঘটনাস্থলীত উপস্থিত হয় ৰেলৱে উচ্চ পদস্থ বিষয়া আৰু উদ্ধাৰকাৰীৰ দল ৷

নিশাই ক্ষীপ্ৰতাৰে ৰেলৰ ডবাদুটা সঠিকৈ লাইনত উঠাবলৈ তথা লাইন মুকলি কৰিবলৈ কামত লাগি যোৱা পৰিলক্ষিত হয় ৷

কেনেকৈ কাৰ ভূলত উক্ত ঘটনাটো সংঘটিত হ’ল তাৰ তদন্ত এতিয়া ৰেলবিভাগে আৰম্ভ কৰিছে ৷

ঘটনাটোত কোনো লোক হতাহতি হোৱাৰ খৱৰ পোৱা যোৱা নাই ৷

লগতে পঢ়ক :Assam TET CUM Recruitment TEST :আজি অনুষ্ঠিত হৈছে TET CUM RECRUITMENT TEST