LPG rates with effect from October 1 : আজিৰে পৰা পুনৰ দাম বৃদ্ধি হ’ল LPG চিলিণ্ডাৰ,গুৱাহাটীত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ২০৬ টকালৈ বৃদ্ধি

নিউজ ডেস্ক, ১অক্টোবৰ : আজিৰে পৰা পুনৰ দাম বৃদ্ধি হ’ল চিলিণ্ডাৰৰ(LPG gas price) । আজি অৰ্থাৎ ১ অক্টোবৰৰ পৰা পুনৰ বৃদ্ধি হ’ল বানিজ্যিক চিলিণ্ডাৰৰ মূল্য(LPG rates with effect from October 1) । তেল কোম্পনীৰ এই সিদ্ধান্ত । ৰাজ্যভেদে পৃথকে পৃথকে বাঢ়িল বানিজ্যিক চিলিণ্ডাৰৰ মূল্য । আজিৰে পৰা পুনৰ ২০৯ টকা বৃদ্ধি কৰিলে বানিজ্যিক চিলিণ্ডাৰৰ দাম(19 kg Commercial Gas Cylinder to be Costlier by Rs 209 from Today) ।
গুৱাহাটীত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ (Commercial Gas Cylinder) খুচুৰা বজাৰ মূল্য ২০৬ টকা বৃদ্ধি পাইছে। আজিৰে পৰা প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ নতুন মূল্য হ’ব ১৯৩২.০০ টকা ।
উল্লখ্যে যে, ইয়াৰ মূল্য আগষ্ট মাহত ৯৬ টকা আৰু ছেপ্তেম্বৰত ১৬৭ টকা হ্ৰাস কৰিছিল যদিও ১অক্টোবৰৰ পৰা ২০৬ টকালৈ বৃদ্ধি কৰে। অৱশ্যে, গুৱাহাটীত ১৪.২ কিলোগ্ৰাম লিকুইড পেট্ৰ’লিয়াম গেছ (LPG) চিলিণ্ডাৰৰ মূল্যত পৰিৱৰ্তন হোৱা নাই। ইয়াৰ মূল্য বিগত দুটা মাহৰ দৰে একেই আছে, অৰ্থাৎ এই মাহতো গুৱাহাটীত ঘৰুৱা গেছ চিলিণ্ডাৰৰ খুচুৰা বজাৰ মূল্য ৯৫২ টকাতে উপলব্ধ(This is how much you pay for commercial & domestic LPG cylinders)। গুৱাহাটীত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য জুলাই মাহলৈ ১,১৫২.৫০ টকা আছিল।
ভাৰত চৰকাৰে বৰ্তমান সমাজৰ নিম্ন আয়ৰ শ্ৰেণীক ৰাজসাহায্যযুক্ত হাৰত অসমত ঘৰুৱা এলপিজি গেছ চিলিণ্ডাৰ প্ৰদান কৰি আছে। ৰাজসাহায্যৰ পৰিমাণ পোনপটীয়াকৈ গ্ৰাহকৰ বেংক একাউণ্টলৈ স্থানান্তৰ কৰা হয়। বৰ্তমান, ভাৰতত ৰন্ধন গেছ বেছিভাগ লোকৰ বাবে সহজে উপলব্ধ।শেহতীয়াকৈ কেন্দ্ৰীয় কেবিনেটে উজ্জ্বলা আঁচনিৰ অধীনত অতিৰিক্ত ৭৫ লাখ নতুন এলপিজি সংযোগৰ অনুমোদন জনাইছে, যিটো অহা তিনি বছৰৰ ভিতৰত প্ৰদান কৰা হ’ব। এই সংযোগসমূহৰ মুঠ ব্যয় ১,৬৫০ কোটি টকা হ’ব।
লগতে পঢ়ক :Khalistani Stopped Indian Ambassador : ভাৰতীয় ৰাষ্ট্ৰদূতক কৰা আচৰণক তীব্ৰ গৰিহণা গুৰুদ্বাৰ সমিতিৰ