Local, Vocal, Global

৬৩৪ টকাতে পাব ৰন্ধন গেছ

আকাশলংঘী মূল্যবৃদ্ধিয়ে সাধাৰণ মানুহৰ জীৱন অচল কৰি তুলিছে। বাজেট মিলাবলৈ গৈ আন বহুতৰে দৰে হয়তো আপোনাৰ পকেটতো টান পৰিছে।

পিছে এই প্রতিবেদনে নিশ্চিতভাৱে আপোনাক অলপ হ’লেও সকাহ দিব পাৰিব। কাৰণ এতিয়া আপুনি মাত্র ৬৩৩.৫০ টকা পৰিশোধ কৰিলেই ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ কৰিবপাৰিব। আচৰতি হৈছে নহয়নে বাৰু? পিছে খবৰটো সঁচা

ৰন্ধন গেছৰ মূল্যবৃদ্ধি পালেও আপুনি মাত্র ৬৩৪ টকাতে এই চিলিণ্ডাৰ ক্রয় কৰিব পাৰিব। কিদৰে তাৰ বিৱৰণ এই প্রতিবেদনত আছে। পঢ়ি চাওকচোন…

এই প্রতিবেদনত আচলতে কম্পোজিট চিলিণ্ডাৰৰ বিষয়ে আলােকপাত কৰিব বিচৰা হৈছে।এই ধৰণৰ চিলিণ্ডাৰত গেছ কিমান আছে তাক আপুনি খালী চকুৰে দেখা পাব। কেৱল সেয়াই নহয়, এই চিলিণ্ডাৰটো ১৪ কিলোগ্রাম সাধাৰণ চিলিণ্ডাৰৰ তুলনাত যথেষ্ট পাতল। দেশৰ ৰাজধানী দিল্লীত এতিয়া ১৪ কিলোগ্রাম ওজনৰ সাধাৰণ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম প্রায় ৯০০ টকা।

কিন্তু ১০ কিলো ওজনৰ কম্পোজিট চিলিণ্ডাৰ ক্ৰয় কৰাৰ বাবে দিল্লীবাসীয়ে ভৰি আছে মাত্র ৬৩৩.৫০ টকা। এই ধৰণৰ পাঁচ কিলো ওজনৰ এলপিজি কম্পোজিট চিলিণ্ডাৰ মাত্র ৫০২ টকাতে ভর্তি কৰিব পাৰি।

এই চিলিণ্ডাৰটো পর্যায়ক্রমে দেশৰ সকলোবোৰ চহৰতে উপলব্ধ হ’ব। কিন্তু এইখিনিতে এটা গুৰুত্বপূর্ণ কথা হ’ল কম্পোজিট চিলিণ্ডাৰৰ ওজন সাধাৰণ এলপিজি চিলিণ্ডাৰৰ তুলনাত চাৰি কিলােগ্রাম কম।

সাধাৰণ চিলিণ্ডাৰৰ ওজন ১৪ কিলোগ্রাম হোৱাৰ বিপৰীতে কম্পোজিট চিলিণ্ডাৰৰ ওজন ১০ কিলােগ্রাম। অর্থাৎ চাৰি কিলোগ্রাম গেছ স্বাভাৱিকতকৈ কম।

উল্লেখ্য যে প্ৰাৰম্ভিক পর্যায়ত, এই চিলিণ্ডাৰটো দেশৰ ২৪ খন চহৰতহে উপলব্ধ হৈছে, যাৰ ভিতৰত আছে দিল্লী, বেনাৰস, প্রয়াগৰাজ, ফৰিদাবাদ, গুৰুগ্রাম, জয়পুৰ, জলন্ধৰ,জামছেদপুৰ, পাটনা,মহীশুৰ, লুধিয়ানা, ৰায়পুৰ আৰু ৰাচী।

লাহে লাহে দেশৰ সকলো চহৰতে কম্পোজিট চিলিণ্ডাৰ উপলব্ধ হ’ব। মন কৰিবলগীয়া, সাধাৰণ চিলিণ্ডাৰৰ তুলনাত কম্পোজিট চিলিণ্ডাৰ অধিক সুৰক্ষিত আৰু পাতল। এইবোৰ সাধাৰণ চিলিণ্ডাৰৰ তুলনাত প্রায় সাত কিলো পাতল। স্মর্তব্য যে এলপিজি মূল্য সাধাৰণতে প্রতি মাহৰ আৰম্ভিতে নির্ধাৰণ কৰা হয়।