Local, Vocal, Global

বঙাইগাঁৱত সাপ্তাহিক লকডাউনৰ মাজতে কৃষক মুক্তিৰ মানৱ শৃংখলেৰে প্ৰতিবাদী কাৰ্যসূচী

67

কৃষক নেতা অখিল গগৈকে ধৰি আন তিনি নেতাক মুক্তিৰ দাবীত দেওবাৰে বঙাইগাঁৱত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মানৱ শৃংখলেৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ কৃষক মুক্তিৰ কুৰিৰো অধিক কৰ্মীয়ে সদৰ চহৰখনৰ বৰপাৰাত এই কাৰ্যসূচী ৰূপায়ণ কৰে ৷ পিছত আৰক্ষীয়ে কৃষক মুক্তিৰ জিলা সভাপতি মহীধৰ ৰায় আৰু সাধাৰন সম্পাদক নন্দন দেব নাথকে ধৰি ১০ প্ৰতিবাদীক গ্ৰেপ্তাৰ কৰি লৈ যায় ৷ প্ৰতিবাদী কাৰ্যসূচীত অসম প্ৰেমী যুৱ সমাজেও অংশ গ্ৰহণ কৰে ৷