খেজুৰৰ উপকাৰিতা আৰু ইয়াৰ গুণাগুণ বিষয়ে জানো আঁহক…

খেজুৰ এবিধ আমাৰ সকলোৰে চিনাকি ফল।খেজুৰ এনে এবিধ ফল য’ত আমাৰ শৰীৰত লাগতীয়াল প্ৰায় সকলো উপাদান থাকে৷ খেজুৰ আৰৱৰ জনপ্ৰিয় ফল ৷পৃথিৱীৰ সকলো দেশতে খেজুৰৰ গছ দেখা যায় যদিও আৰৱ, ইৰাক ইটালী আদি অঞ্চলত এই ফল অধিক হোৱা দেখা যায়৷ দেশভেদে খেজুৰৰ গছৰ প্ৰকাৰো বেলেগ বেলেগ দেখা যায়৷ভাৰতৰ জলবায়ুত খেজুৰ উৎপাদন বেছি ভাল নহয়৷ খেজুৰ গছৰ পৰা খেজুৰ ৰসো উলিওৱা হয়, যি অতি সুস্বাদূ ৷ এই ৰসেৰে বিভিন্ন ধৰণৰ মিঠাই বনোৱা হয় আৰু মিঠাই পিঠাৰে, মুৰিৰে খোৱা হয়৷ এই ৰসেৰে খেজুৰ গুৰ তৈয়াৰ কৰা হয়৷ খেজুৰ গুৰৰ পায়স , পিঠা আৰু ৰসগোল্লা বনোৱা হয়। গৰমৰ দিনত জুতিলগা খেজুৰৰ তাৰি দুগিলাছ খালে শৰীৰৰ ভাগৰ আতৰি যায় । খেজুৰ স্বাস্থ্যৰ উপকাৰী শুকান ফল। খেজুৰ খালে শাৰীৰিক উৎকৰ্ষ সাধনৰ উপৰিও সৌন্দৰ্য বৃদ্ধি হয়। খেজুৰত আছে আঁহ, ছডিয়াম,পানী, প্ৰটিন,জিংক,ফলিকএচিড, ভিটামিন-এ, ভিটামিন-বি কমপ্লেক্স, ভিটামিন-কে, মেগনেছিয়াম, মেঙ্গানিজ, পেন্টোথেনিক এচিড, কাৰ্বহাইড্ৰেত, কেলছিয়াম, আইৰণ আদি।

খেজুৰ আমাৰ বাবে যথেষ্ট উপকাৰী-
১. খেজুৰ নিয়মীয়া খাদ্য হিচাপে ব্যৱহাৰ কৰিলে ওজন কমাত সহায় কৰে ৷
২.খেজুৰত অধিক মাত্ৰাত থকাৰ প্ৰ’টিনে শৰীৰৰ মাংসপেশী মজবুত কৰাত সহায় কৰে৷ যাৰ বাবে জিম যোৱা লোকক খেজুৰ খাবলৈ কোৱা হয়৷
৩.খেজুৰ প্ৰচুৰ পৰিমাণে b1, b2, b3, b5 ৰ লগত ভিটামিন A আৰু C পোৱা যায়৷
৪ খেজুৰ সেৱন কৰিলে শৰীৰত প্ৰয়োজন হোৱা গ্লুক’জ, চুক্ৰ’জ, ফ্ৰক্ট’জৰ পৰিমাণ বৃদ্ধি হয়৷
৫.খেজুৰে মানুহৰ শৰীৰৰ হাড় শক্তিশালী তথা মজবুত কৰি তোলাত সহায় কৰে৷খেজুৰত যথেষ্ট পৰিমাণৰ পোষক দ্ৰব্য থকা বাবে হাড় আৰু মাংস পেশী মজবুত কৰে। খেজুৰত থকা কেলছিয়ামে দাঁত আৰু শৰীৰৰ হাড়বোৰ মজবুত কৰে বাবে অষ্টিঅ আৰ্থাইটিচ নামৰ বাতবিষ সহজে নহয়।
৬. পুৱা খালী পেটত এগিলাচ পানীৰ লগত খেজুৰক নিয়মিয়াকৈ সেৱন কৰিলে শৰীৰ সুস্থ আৰু সতেজ হয়৷
৭.খেজুৰত গ্লুক’জ, চুক্ৰ’জ আৰু ফ্ৰুক্ট’জ কাৰ্বহাইড্ৰেত থাকে । সেয়েহে খেজুৰ খালে যথেষ্ট পৰিমাণে শক্তি পোৱা যায়। ডায়েবেটিচ ৰোগীয়ে কুঁহিয়াৰৰ পৰা উৎপাদিত চুগাৰ কাৰ্বহাইড্ৰেত বা চেনী খোৱাত বাধা থকা বাবে শক্তি আহৰণৰ হেতু খেজুৰ দিনে ২-৩ টা খাব পাৰে।
৮.খেজুৰ খালে কোষ্ঠ কাঠিন্য আঁতৰ হয়। ৰাতি এগিলাচ গৰম পানীত কেটামান খেজুৰ ডুবাই ৰাখি ৰাতিপুৱা পানীখিনি খালে শৌচ-পেছাব খোলোচা হয়।
৯. খেজুৰত ভিটামিন-এ থাকে, সেয়েহে খেজুৰ খালে দৃষ্টিশক্তি বৃদ্ধি হয়।
১০. গৰ্ভৱতী মহিলাই খেজুৰ খোৱাটো অত্যাৱশ্যকীয়। খেজুৰত আইৰণ থকা বাবে গৰ্ভৱতীৰ ৰক্তহীনতা নহয়। ভিটামিন-কে থকা বাবে প্ৰসৱৰ সময়ত ৰক্তক্ষৰণ কমকৈ হয় , প্ৰসৱ বেদনা কমকৈ হোৱা বাবে সহজে সন্তান প্ৰসৱ কৰিব পাৰে।
১১.কঠোৰ শাৰীৰিক পৰিশ্ৰম কৰা ব্যক্তিয়ে ৫ টাকৈ খেজুৰ খালে অফুৰন্ত শক্তি পায়।
১২. চৰ্দি , কাহ আৰু পানী লগাত খেজুৰে অমৃতৰূপে কাম কৰে । প্ৰতিদিনে ৪/৫ টা খেজুৰ গৰম গাখীৰৰ সৈতে খালে চৰ্দি ,কাহ , পানীলগা আৰু শ্বাস-প্ৰশ্বাস ৰোগ ভাল হয়।
১৩.খেজুৰ খালে শৰীৰ গৰম হৈ থাকে, সেয়েহে ঠাণ্ডাদিনত বৃদ্ধ ব্যক্তি সকলে গাখীৰৰ সৈতে খেজুৰ খালে ৰসায়নৰ দৰে কাম কৰে।
১৪. খেজুৰ এবিধ শ্ৰেষ্ঠ এন্টিঅক্সিডেন্ট হোৱা বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় বাবে ৰোগমুক্ত হৈ থাকিব পাৰে।
১৫.খেজুৰে সৌন্দৰ্য বৃদ্ধি কৰে, আমাৰ ছালক সুস্থ কৰি ৰাখে৷
১৬.খেজুৰে ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰে৷
১৭.খেজুৰে স্মৃতি শক্তি বৃদ্ধি কৰাত সহায় কৰে৷
১৮.আয়ৰণৰ অভাৱৰ ফলত উশাহ চুটি হোৱা, ভাগৰ, এনিমিয়াৰ দৰে ৰোগক প্ৰতিকাৰ কৰে খেজুৰে