Local, Vocal, Global

উত্তৰ প্ৰদেশত ৪০ শতাংশ আসনত মহিলা প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদান কৰিব কংগ্ৰেছে

0 6

সমাগত উত্তৰ প্ৰদেশৰ বিধানসভাৰ নিৰ্বাচন। এই নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে আৰম্ভ কৰিছে ৰাজনৈতিক দলৰ ৰাজনৈতিক অংক। কংগ্ৰেছ দলে ৰাজ্যখনৰ নিৰ্বাচনৰ পূৰ্বে এক বৃহৎ ঘোষণা কৰিছে। দলটোৰ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে মঙ্গলবাৰে লক্ষ্ণৌত ঘোষণা কৰিছে যে আগন্তুক বিধানসভাৰ নিৰ্বাচনত দলটোৱে ৪০ শতাংশ আসনত মহিলাক প্ৰাৰ্থীত্ব প্ৰদান কৰিব।

কেৱল সেয়াই নহয়, উত্তৰ প্ৰদেশৰ মহিলা ভোটাৰক আকৰ্ষিত কৰাৰ স্বাৰ্থত দলটোৱে এক নতুন শ্ল’গানো আৰম্ভ কৰিছে। “লড়কি হু, লড় ছকটি হু” শ্ল’গানেৰে মহিলা ভোটাৰৰ মন যয় কৰাৰ দৃষ্টি আকৰ্ষণ কৰিছে। প্ৰিয়ংকা গান্ধীয়ে মহিলাসকলক কংগ্ৰেছত যোগদান কৰিবলৈ আহ্বানো জনাইছে।

তেওঁ কৈছে, আমি মহিলাসকলক প্ৰতিখন বিধানসভা আসনৰ বাবে আবেদন কৰিবলৈ আহ্বান জনাইছো। ১৫ তাৰিখলৈকে এই আবেদন কৰিব পাৰিব। নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বিচৰা মহিলাসকলে সুযোগ লাভ কৰিব। আমি এই ৰাজ্য আৰু দেশ সলনি কৰিম।তেওঁ কয়, যদি তেওঁৰ পক্ষে সম্ভৱ হ’ল হয় তেনে তেওঁ উত্তৰ প্ৰদেশৰ ৫০ শতাংশ বিধানসভাৰ আসন মহিলাৰ বাবে সংৰক্ষিত কৰিলে হয়।

ইফালে ৪০ শতাংশ আসনত মহিলা প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদান কৰিলে ইমান মহিলা প্ৰাৰ্থী লাভ কৰিবনৈ আৰু তেওঁলোকে সেই আসনত জয় লাভ কৰিব পাৰিবনে বুলি কৰা এক প্ৰশ্নত প্ৰিয়ংকা গান্ধীয়ে কয়, আমি প্ৰাৰ্থী বিচাৰি পাম তেওঁলোকে যুঁজ দিব পাৰিব। যদি তেওঁলোক শক্তিশালী নহয় তেনে পৰৱৰ্তী পৰ্যায়ত তেওঁলোক শক্তিশালী হৈ পৰিব। আমি যুঁজ দিব লাগিব। আমি তেওঁলোকক সম্পূৰ্ণ সহায় আৰু সগযোগিতা কৰিম। তেওঁ কয় যে, মহিলা সকলক জাতিৰ ভিত্তিত নহয়, তেওঁলোকৰ সামৰ্থৰ ভত্তিত টিকট দিয়া হ’ব।

Leave A Reply

Your email address will not be published.